বলীউডৰ বিৰুদ্ধে সৰৱ অভিনেত্রী ৰূপা
নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ বিজেপি সাংসদ তথা অভিনেত্রী ৰূপা গাংগুলীয়ে আজি বলীউডৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰি কৈছে যে মুম্বাইৰ ছবি উদ্যোগে সাধাৰণ মানুহক হত্যা কৰিছে৷ সাধাৰণ মানুহক ড্রাগছ সেৱনকাৰী হ’বলৈ বাধ্য কৰাইছে বলীউডে৷ অকল সেয়াই নহয়, এই ছবি উদ্যোগৰ তৰফৰ পৰাই মহিলাক অপমানৰ ঘটনা বৃদ্ধি পাইছে৷ কিন্তু ইয়াক প্রতিৰোধ কৰিবলৈ কোনেও ব্যৱস্থা গ্রহণ কৰা নাই৷ মুম্বাই আৰক্ষীও এইক্ষেত্রত নীৰৱ৷ আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্রহণ নকৰে এনে ধৰণৰ অপৰাধকার্যৰ বিৰুদ্ধে৷ সংবাদ সংস্থা এ এন আইৰ সৈতে হোৱা বার্তালাপত ৰূপা গাংগুলীয়ে এই মন্তব্য কৰাৰ লগে লগে তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ দেশৰ সংবাদ মাধ্যমত গাংগুলীৰ মন্তব্যই সৃষ্টি কৰিছে ধুমুহা৷ অকল সেয়াই নহয়, অভিনেত্রী পায়েল ঘোষে ছবি নির্মাতা অনুৰাগ কাশ্যপৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ অনা সত্ত্বেও বলীউড কিয় নীৰৱ বুলি প্রশ্ণৰ অৱতাৰণা কৰিছে গাংগুলীয়ে৷