নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত মানৱ দেহত পৰীক্ষণ হ’ব ৰাছিয়াৰ ভেকচিন ‘স্পুটনিক–ভি’

নিয়মীয়া বাৰ্তা, ১৮অক্টোবৰঃ  মহামাৰী ক’ভিড–১৯ৰ ভেকচিনক লৈ দেশবাসী উৎকণ্ঠাৰে বাট চাই আছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে ২০২১ বর্ষৰ প্রাৰম্ভতে ক’ভিডৰ ভেকচিন দেশত উপলব্ধ হ’ব বুলি ইতিমধ্যে আশাব্যঞ্জক ঘোষণা কৰিছে৷ দেশত ক’ভিড ভেকচিনৰ মানৱ দেহত পৰীক্ষণ বিভিন্ন পর্যায়ত চলি আছে৷ ৰাছিয়াৰ ক’ভিড–১৯ ভেকচিন ‘স্পুটনিক ভি’ৰ মানৱ দেহত পৰীক্ষণক লৈ ভাৰতত অনিশ্চয়তা চলি আহিছে যদিও শনিবাৰে এই ভেকচিনটোৰ দ্বিতীয়–তৃতীয় পর্যায়ৰ মানৱ দেহত পৰীক্ষণৰ অনুমতি লাভ কৰিছে৷ ড০ ৰেড্ডিছ লেবৰেটৰিজ লিমিটেড আৰু ৰাছিয়াৰ ডাইৰেক্ট ইনভেষ্টমেন ফাণ্ড, ৰাছিয়াৰ ছ’ভাৰেল ৱেল ফাণ্ডে ভাৰতত যুটীয়াভাৱে ‘স্পুটনিক ভি’ৰ পৰীক্ষণ চলাব৷ ড্রাগ কণ্ড্র’ল জেনেৰেল অৱ ইণ্ডিয়াই (ডি চি জি আই)   ‘স্পুটনিক ভি’ৰ দ্বিতীয়–তৃতীয় পর্যায়ৰ মানৱ দেহত পৰীক্ষণৰ অনুমতি প্রদান কৰা বুলি প্রেছ বিজ্ঞপ্তিযোগে হায়দৰাবাদস্থিত ড০ ৰেড্ডিছ লেবৰেটৰিজ লিমিটেডে প্রকাশ কৰিছে৷

উল্লেখ্য যে চলিত বর্ষৰ ছেপ্ঢেম্বৰ মাহত ৰাছিয়াৰ কোম্পানীটোৰ সৈতে ভাৰতৰ ড০ ৰেড্ডিছৰ চুক্তি সম্পন্ন হৈছিল ‘স্পুটনিক ভি’ৰ পৰীক্ষণ আৰু বিতৰণৰ বাবে৷ সেই চুক্তি অনুসৰি আৰ ডি আই এফে ১০০ নিযুত ভেকচিনৰ ড’জ ড০ ৰেড্ডিছক প্রদান কৰিব৷ তাৎপর্যপূর্ণ যে ২০২০ চনৰ ১১ আগষ্টত ৰাছিয়াৰ স্বাস্থ্য মন্ত্রালয়ৰ পঞ্জীয়নভুক্ত গামালেয়া নেচনেল ৰিছার্চ ইনষ্টিটিউট অৱ এপিডেমি’লজী এণ্ড মাইক্র’বায়’লজীৰ দ্বাৰা বিকশিত ‘স্পুটনিক ভি’ ক’ভিড ভেকচিন হৈছে বিশ্বৰ প্রথমটো ক’ভিড–১৯ৰ পঞ্জীয়নভুক্ত ভেকচিন৷ ৰাছিয়াত এই ভেকচিনটোৰ মানৱ দেহত পৰীক্ষণ তৃতীয় পর্যায়ত চলি আছে৷ ইয়াৰ উপৰি এই ভেকচিনটোৰ তৃতীয় পর্যায়ৰ মানৱ দেহৰ পৰীক্ষণ ইউ এ ইত চলি আছে৷ ইপিনে ক’ভিড ভেকচিনক লৈ দেশৰ অগ্রণী প্রতিষ্ঠান ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই ডিচেম্বৰৰ শেষলৈকে ভাৰতত ২০০–৩০০ নিযুত ড’জ ক’ৰোনা ভাইৰাছৰ ভেকচিন সাজু হ’ব বুলি ঘোষণা কৰিছে৷ এছ আই আইৰ কার্যবাহী সঞ্চালক ড০ সুৰেশ যাদৱে   সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা মতে, ডিচেম্বৰত ২০০–৩০০ নিযুত ভেকচিন ড’জ ক’ৰোনা ভাইৰাছৰ ভেকচিন সাজু হ’ব আৰু চূড়ান্ত পৰীক্ষণৰ ভেকচিন ২০২১ৰ মার্চৰ ভিতৰত উপলব্ধ হ’ব৷ অৱশ্যে ডি চি জি আয়ে অনুমতি দিব লাগিব৷ ডি চি জি আয়ে অনুমতি দিলে এই ভেকচিন মুকলি কৰিব পৰা যাব৷ হিল ফাউণ্ডেচনৰ দ্বাৰা আয়োজিত ফার্মা এক্সলেঞ্চ ই ছামিট ২০২০ সম্বোধন কৰি ড০ সুৰেশ যাদৱে এই কথাও উল্লেখ কৰে যে এছ আই আইৰ চি ই অ’ আদৰ পুনাৱালাই ইতিমধ্যে ছিৰামে এবছৰত ৭০০–৮০০ নিযুত ভেকচিন ড’জ উৎপাদন কৰিব পাৰে বুলি ঘোষণা কৰিছে৷

গুৰুত্বপূর্ণ যে অক্সফ’ড বিশ্ববিদ্যালয় আৰু ফার্মা কোম্পানী অষ্ট্রজেনেকাৰ দ্বাৰা বিকশিত ‘ক’ভাশ্বিল্ড’ ভেকচিন উৎপাদনক লৈ ছিৰাম ইনষ্টিটিউটে চুক্তি সম্পন্ন কৰিছে৷ এই কোম্পানীটোৱে দেশত ক’ভাশ্বিল্ডৰ দ্বিতীয়–তৃতীয় পর্যায়ৰ মানৱ দেহত পৰীক্ষণ পৰিচালনা কৰি আছে৷

You might also like