ক’ভিড সংহাৰঃ দুসপ্তাহৰ বাবে বন্ধ শিক্ষানুষ্ঠান
নিয়মীয়া বাৰ্তা, ১১ মার্চঃ ক’ভিড–১৯ মহামাৰীৰ সংক্রমণ শেহতীয়াকৈ অধিক দ্রুত হৈ পৰিছে পাকিস্তানৰ শিক্ষানুষ্ঠানবোৰত৷ দেশখনৰ শিক্ষানুষ্ঠানসমূহত ক’ভিডৰ সংহাৰ আৰম্ভ হোৱাৰ লগে লগে আগন্তুক ১৫ মার্চৰ পৰা দুসপ্তাহৰ বাবে শিক্ষানুষ্ঠানবোৰ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে চৰকাৰে৷
শিক্ষামন্ত্রী ছাফকট মেহমুদে এই কথা ঘোষণা কৰিছে৷ মেহমুদে সংবাদ মাধ্যমৰ আগত এই কথা ঘোষণা কৰাৰ সময়ত উপস্থিত থাকে প্রধানমন্ত্রী ইমৰান খানৰ স্বাস্থ্য খণ্ডৰ বাবে থকা বিশেষ বিষয়া ফৈজাল চুলতানো৷
স্মর্তব্য যে নেচনেল কমাণ্ড এণ্ড কণ্ট্ৰ’ল চেণ্টাৰে শিক্ষানুষ্ঠানসমূহৰ পৰিস্থিতি নিৰীক্ষণ কৰাৰ পিছতে ক’ভিডৰ সংহাৰ বৃদ্ধি পোৱাৰ তথ্য পোহৰলৈ আহে৷ লগে লগে সংস্থাটোৰ তৰফৰ পৰা শিক্ষানুষ্ঠান বন্ধৰ আহ্বান জনোৱা হয়৷
এই আহ্বানৰ প্রতি তাৎক্ষণিকভাৱে সঁহাৰি জনাই সিদ্ধান্ত গ্রহণ কৰিছে ইমৰান খান চৰকাৰে৷