শিক্ষাৰ্থীয়ে নিব লাগিব বাইবেলঃ কোন স্কুলৰ সিদ্ধান্ত এয়া
বিশেষ বাৰ্তা, ২৫ এপ্ৰিলঃ হিজাবৰ পাছত এইবাৰ বাইবেলক লৈ বিতর্ক আৰম্ভ কর্নাটকত। ৰাজধানী বাংগালুৰুৰ এখন স্কুলত সম্প্রতি শিক্ষাৰ্থীসকলক নির্দেশ দিয়া হৈছে যে প্রত্যেক শিক্ষার্থীয়ে স্কুললৈ বাইবেল আনিব লাগিব। তেওঁলোক যি ধর্মৰেই নহওঁক কিয়, এই নির্দেশ বাধ্যতামূলক। স্কুলখনৰ নাম ক্লাৰেন্স স্কুল। স্কুল কর্তৃপক্ষই জনোৱা মতে, স্কুলখন খ্রীষ্টান মূল্যবোধত বিশ্বাসী। শিক্ষাৰ্থীসকলোকো সেই মূল্যবোধ শিকোৱাত আগ্রহী। স্কুলৰ সেই নির্দেশ জাৰি হোৱাৰ পাছতে বিতর্ক আৰম্ভ হৈছে। প্ৰতিবাদ কৰিছে একাংশ অভিভাৱকে। স্কুলে শিক্ষাৰ্থীৰ ধর্মৰ অধিকাৰত হস্তক্ষেপ কৰিছে। স্কুল কৰ্তৃপক্ষৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ শিক্ষা দপ্তৰক অভিযোগ জনাইছে তেওঁলোকে।