নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ICMRৰ প্ৰতিবেদনঃ প্ৰতি ১৫গৰাকীৰ মাজত ১গৰাকী আক্ৰান্ত ক’ৰোনাত

নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ ক’ৰোনা মহামাৰীক লৈ আন এটা আশংকাজনক তথ্য প্ৰকাশ কৰিছে চিকিৎসা অনুসন্ধান পৰিষদ চমুকৈ আই চি এম আৰে। পৰিষদখনৰ দ্বিতীয়টো জৰীপ (sero survey)ৰ প্ৰতিবেদন মতে, ভাৰতৰ প্ৰতি ১৫গৰাকী লোকৰ ভিতৰত এগৰাকী লোক ক’ৰোনা মহামাৰীৰ চিকাৰ হৈছে।

আনহাতে চহৰৰ বস্তি এলেকাত ক’ৰোনাৰ সংক্ৰমণ বেছি, দেশৰ মুঠ ১৫.৬ শতাংশ আক্ৰান্ত বস্তি অঞ্চলৰ যদিও একেখন চহৰত (বস্তি এলেকাক বাদ দি)  এই সংখ্যা ৮.২ শতাংশ। আনহাতে চহৰৰ তুলনাত গ্ৰামীণ অঞ্চলৰ অৱস্থা কিছু ভাল।

গ্ৰামীণ এলেকাত কেৱল ৪.৪ শতাংশ। উল্লেখ্য ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ভাৰতত ক্ৰমান্বয়ে বৃদ্ধি হৈ ৬২ লাখৰ সীমা চুইছে। অৱশ্যে আনন্দৰ কথা যে এতিয়ালৈ ৫১ লাখ লোক সুস্থ হৈ উঠিছে।

You might also like