নিয়মীয়া বাৰ্তা ২ ছেপ্টেম্বৰঃ কাশ্মীৰ উপত্যকাত সন্ত্রাসবাদীৰ ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনা ব্যর্থ কৰিবলৈ সক্ষম হৈছে নিৰাপত্তা বাহিনী৷ বাৰমুলা জিলাৰ ৰামপুৰ ছেক্টৰত দুটাকৈ স্থানত সন্ত্রাসবাদীয়ে গোপনে মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ অস্ত্র জব্দ হোৱাৰ পিছতে কাশ্মীৰ উপত্যকাত কূটাঘাতৰ ভয়াৱহ পৰিকল্পনা চলোৱা হৈছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে৷
উল্লেখনীয় যে ভাৰত ভূখণ্ডত প্রৱেশ কৰা কেইজনমান সন্দেহজনক লোকৰ বিচৰণৰ পিছতে সেনাই কূটাঘাতৰ পৰিকল্পনা চলা বুলি তথ্য লাভ কৰিছিল৷ ইয়াৰ পিছতে আৰক্ষী–সেনা আৰু চি আৰ পি এফে যৌথভাৱে জিলাখনত দুটাকৈ স্থানত আৰম্ভ কৰে তালাচী অভিযান৷ প্রায় ৭ ঘণ্টা ধৰি চলা তালাচীৰ সময়ত নিৰাপত্তা বাহিনীয়ে ৫টা এ কে–৪৭ ৰাইফল, ১২৫৪ জাঁই গুলী, ৬টা মেগজিন, কেইবাটাও পিষ্টল আৰু ২৪টা গ্রেনেড জব্দ কৰিবলৈ সক্ষম হয়৷