নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জেইই–নীট পৰীক্ষাৰ তাৰিখক লৈ জুৱা, সাতজনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৩০ আগষ্টঃ জেইই–নীট পৰীক্ষা স্থগিত কৰাৰ বাবে কংগ্রেছসহ বিৰোধীয়ে প্রতিবাদ কৰাৰ সময়তে কানপুৰত এই পৰীক্ষাৰ তাৰিখক লৈ চলিছে বৃহৎ জুৱা৷ কানপুৰ আৰক্ষীয়ে  অলপতে পৰীক্ষাক লৈ চলি থকা বেটিং–গেম্বলিং ৰেকেট এটাক উৎখাত কৰিবলৈ সক্ষম হয়৷

এই ৰেকেট চলাই থকা সাতজন লোকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ ধৃত লোককেইজনৰ পৰা নগদ ৩৮.২৫ লাখ টকা, ১০টা ম’বাইল ফোন আৰু এখন পঞ্জীয়ন কৰা বহী জব্দ কৰিবলৈ সক্ষম হয়৷ অৱশ্যে আৰক্ষীয়ে চলোৱা অভিযানত ৰেকেটৰ মূল ব্যক্তিজনক গ্রেপ্তাৰ কৰিব নোৱাৰিলে৷ ৰেকেটটোৱে পৰীক্ষা হ’ব নে নহ’ব, হ’লে কেতিয়া হ’ব, তাক লৈ বেটিং–গেম্বলিং কৰি আছিল৷

কানপুৰ আৰক্ষী অধীক্ষক দীপক ভুকাৰে সংবাদ মেলত বেটিং চক্রটোক উৎখাত কৰা বুলি সদৰী কৰিছে৷ আৰক্ষী অধীক্ষকগৰাকীয়ে প্রকাশ কৰা মতে, ৰেকেটৰ মূল ব্যক্তি সন্তোষ ছনী আৰক্ষীৰ জালৰ পৰা পলাই সাৰিবলৈ সক্ষম হয়৷ বিগত চাৰি বছৰ ধৰি এনেধৰণৰ বেটিঙত জড়িত হৈ আছে ছনী৷ উল্লেখ্য যে জেইই–নীট পৰীক্ষা অহা ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’ব৷ জেইই অনুষ্ঠিত হ’ব ১–৬ ছেপ্টেম্বৰৰ ভিতৰত আৰু নীট পৰীক্ষা অনুষ্ঠিত হ’ব ১৩ ছেপ্টেম্বৰত৷

You might also like