প্ৰেমৰ দিন উদযাপন কৰিলে ভৰি ভাঙি দিব
আজি প্ৰেমৰ দিন। কিন্তু এই দিনটোত হিংসা-ভাবুকি এৰা নাই একাংশই। আকৌ ভাবুকি মধ্যপ্রদেশত। শিৱসেনাৰ কর্মীয়ে ভাবুকি দিছে যে ৰাজধানী ভূপালত সোমবাৰে ভেলেন্টাইনছ ডে’ উদযাপন কৰাজনক আক্রমণ কৰা হ’ব। দেওবাৰে ভূপালৰ কালিকা শক্তিপীঠ মন্দিৰত দলীয় কর্মীয়ে ‘লাঠী’ পূজা কৰা দেখা যায়। শিৱসেনাই জনাইছে, যদি কোনো প্ৰেমিকযুগলে ভেলেন্টাইনছ ডে’ উদযাপন কৰা দেখা যায়, তেওঁলোকৰ ভৰি ভাঙি দিয়া হ’ব। প্ৰেমৰ দিৱসৰ প্রতিবাদত বিশেষ প্রস্তুতি এইসকল কর্মীৰ। পশ্চিমীয়া সংস্কৃতিৰ ভেলেন্টাইনছ ডে’ উদযাপন কৰাৰ পৰা বিৰত থাকিবলৈ সকলোকে সকীয়াই দিয়াৰ লগতে পার্ক, পাব, ৰেস্তোঁৰা, হোটেলত কোনো অনুষ্ঠানৰ আয়োজন নকৰিবলৈও সতর্ক কৰি দিছে।