নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এখন বিয়াত অতিথিক পৰিৱেশন কৰোৱা নহ’ল খাদ্য, অদ্ভূত কাৰণটো শুনি আচৰিত হ’ব

বিশেষ বাৰ্তা, ৯ জুনঃ বিয়াক মানুহৰ জীৱনৰ অন্যতম মাইলৰ খুঁটি বুলি কোৱা হয়। পৰিয়াল আৰু বন্ধুবৰ্গৰ সান্নিধ্যত ভালপোৱা ব্যক্তিজনৰ সৈতে যুগ্মজীৱনৰ পাতনি মেলাতো সঁচাকৈয়ে উদযাপনৰ অনুষ্ঠান। আৰু খাদ্য অবিহনে উদযাপন সম্পূৰ্ণ হয় জানো? বিয়া মানেই বিধে বিধে ভাল খাদ্য। ভাৰতত খাদ্যবিহীন বিয়া এখনো কল্পনা কৰিব কেতিয়াও নোৱাৰি। কিন্তু শেহতীয়াকৈ তেনে এখন বিয়াই চৰ্চাৰ মাজলৈ আহিছে। বিবাহত বহা এটা দম্পতীয়ে তেওঁলোকৰ অভ্যৰ্থনাত অতিথিসকলক খাদ্য পৰিবেশন নকৰাৰ সিদ্ধান্ত লৈছে। ৰেডিট নামৰ অনলাইন প্লেটখৰ্ম এখনত এই কথা পোহৰলৈ আহিছে। পোষ্টটোত ২৮ বছৰীয়া যুৱতী এগৰাকীয়ে তেওঁৰ বিয়াৰ কাহিনী বৰ্ণনা কৰিছে। পিতৃ-মাতৃৰ পৃষ্ঠপোষকতাত বিয়াখন হৈছিল। সকলো ঠিকেই চলিল, কিন্তু এগৰাকী পেহীয়েকে ফেচবুকত অভিযোগ কৰিলে যে বিয়াত খাদ্য নাই। কাৰণ দ’ৰা-কইনাই মিকি আৰু মিনি মাউছক অতিথি হিচাপে উপস্থিত থকাটো বিচাৰিছিল। হয়, ঠিকেই শুনিছে। ডিজনীৰ দুয়োগৰাকী তাৰকাৰ উপস্থিতিৰ নামতে দ’ৰা-কইনাই তেওঁলোকৰ সমগ্ৰ কেটাৰিং বাজেট খৰচ কৰিলে। তেওঁলোকে নিজকে ডিজনীৰ বিৰাট অনুৰাগী বুলি দাবী কৰে। মিনি আৰু মিকি দুয়োকে ভাল সময়ৰ বাবে (৩০ মিনিট) থকাৰ খৰচ আছিল মাক-দেউতাকে কেটাৰিং বাজেটৰ বাবে আবণ্টন দিয়া ধনৰ প্ৰায় সমানেই। গতিকে প্ৰথম নৃত্য আৰু বিয়াৰ ফটোৰ সময়ত উপস্থিতিৰ সময় নিৰ্ধাৰণ কৰিলে আৰু খাদ্য পৰিবেশন ত্যাগ কৰে। ৰেডিট ব্যৱহাৰকাৰীগৰাকীয়ে লগতে কয় যে তেওঁলোকে আগতেই বিয়াৰ অতিথিসকলক ‘সকীয়াই’ দিছিল যে যদিও তেওঁলোকে খাদ্য পৰিবেশনৰ ব্যৱস্থা কৰা নাছিল যদিও অনুষ্ঠানস্থলীত খাদ্য উপলব্ধ।

You might also like