উত্তৰাখণ্ডত হিমস্খলনৰ ধ্বংসলীলাৰ কেইখনমান দুখ লগা ছবি…
নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ উত্তৰাখণ্ডত হিমস্খলনৰ বাবে কালি হোৱা ধ্বংসলীলাৰ কেইখনমান ছবি।
চামোলি জিলাৰ যোশীমঠত এই হিমবাহ খহি পৰিছিল। ফলত ধৌলিগংগাৰ নদীৰ জলস্ৰোতে বোৱাই নিয়ে একাধিক এলাকা।
প্ৰত্যক্ষ আঘাত পৰে ঋষিগংগাত তপোবনৰ জলবিদ্যুত প্ৰকল্পত। এই প্ৰকল্পত কৰ্মৰত প্ৰায়ভাগ শ্ৰমিকেই সন্ধানহীন হৈ আছে বৰ্তমানেও। মাত্ৰ ১৯গৰাকী শ্ৰমিকক এতিয়ালৈ উদ্ধাৰ কৰা হৈছে যদিও এতিয়াও তপোবনৰ টানেলত ৩৫ গৰাকী আবদ্ধ হৈ আছে।
মুখ্যতঃ এছ ডি আৰ এফ, ইণ্ডো-তিব্বতী সীমান্ত আৰক্ষীয়ে উদ্ধাৰৰ বাবে চেষ্টা চলাই আছে যদিও অতিপাত বোকাৰ বাবে অসুবিধাত পৰিছে উদ্ধাৰকাৰী দল। দেশৰ ভিন্ন ৰাজ্যৰ পৰা যোৱা শ্ৰমিক আছিল এই প্ৰকল্পটোৰ কামত।
অসমৰো তিনিগৰাকী যুৱক বৰ্তমানলৈ সন্ধানহীন হৈ আছে, একেদৰে পশ্চিমবংগ, বিহাৰ আৰু উত্তৰ প্ৰদেশৰ বহু যুৱক এই প্ৰকল্পত শ্ৰমিক ৰূপে কৰ্মৰত আছিল, যাৰ বৰ্তমান কোনো সন্ধান পোৱা হোৱা নাই।
বৰ্তমানলৈ ২০৩গৰাকী লোক সন্ধানহীন বুলি জানিব পৰা গৈছে। উদ্ধাৰকাৰ্য খৰটকীয়া কৰাৰ বাবে সকলো সুবিধা প্ৰাপ্ত হোৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক কেন্দ্ৰীয় চৰকাৰে সহযোগ আগবঢ়াই আছে।