নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ আফ্রিকাৰ জুলু সম্রাট জ’ৱেলিথিনিৰ জীৱনাৱসান

নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ দক্ষিণ আফ্রিকাৰ জুলু জাতিৰ সম্রাট গুডউইল জ’ৱেলিথিনিৰ দেহাৱসান ঘটিছে৷ আজি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছে আফ্রিকাৰ বৃহত্তম খিলঞ্জীয়া গোষ্ঠীটোৰ সম্রাটগৰাকীয়ে৷ দীর্ঘদিন ধৰি মধুমেহ ৰোগত আক্রান্ত হৈ আছিল সম্রাট জ’ৱেলিথিনি৷ উল্লেখনীয় যে আফ্রিকাৰ এগৰাকী অন্যতম প্রভাৱশালী পৰম্পৰাগত শাসক আছিল ৭২ বছৰীয়া সম্রাটগৰাকী৷ যোৱা সপ্তাহত কাৱাজুলু–নাটালস্থিত এখন হাস্পতালত ভর্তি কৰা হৈছিল গুডউইল জ’ৱেলিথিনি৷ দক্ষিণ আফ্রিকাৰ সংবিধানৰ নীতি অনুসৰি জুলু জাতিক শাসন কৰিছে জ’ৱেলিথিনিয়ে৷ দক্ষিণ আফ্রিকাত জুলু জাতিৰ জনসংখ্যা হৈছে ১১ নিযুত অর্থাৎ দেশখনৰ মুঠ জনসংখ্যাৰ ১৮ শতাংশ৷ লক্ষণীয়ভাৱে বিভিন্ন বিতর্কিত কাম–কাজৰ মাজেৰে সঘনে সংবাদ শিৰোনাম দখল কৰিছিল জ’ৱেলিথিনিয়ে৷ মুঠ ৬গৰাকী পত্নী আৰু ২৮ সন্তানৰ পিতৃ জ’ৱেলিথিনিৰ উত্তৰাধিকাৰী হিচাপে তেওঁৰ কোনো সন্তানে জুলু জাতিৰ শাসকৰ দায়িত্ব গ্রহণ কৰিবনে নাই, সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷ স্মর্তব্য যে আন্তর্জাতিকভাৱেও জুলু জাতিৰ সম্রাট হিচাপে বিভিন্ন সময়ত প্রভাৱ বিস্তাৰ কৰিছিল গুডউইল জ’ৱেলিথিনিয়ে৷

You might also like