নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজৰেই পোহনীয়া সিংহই প্ৰাণ কাঢ়িলে বন্যপ্ৰাণী সংৰক্ষকৰ

নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ নিচেই কেঁচুৱা অৱস্থাত পোৱা দুটা সিংহ পোহাৰ পৰিণাম ভোগ কৰিবলগীয়া হল এগৰাকী বন্যপ্ৰাণী সংৰক্ষকে। অষ্ট্ৰেলিয়াৰ ৱেষ্ট মেথিউছন নামৰ ৬৯ বছৰীয়া লোকজনে দুটা বগা সিংহ পোৱালি তুলি-তালি ডাঙৰ-দীঘল কৰিছিল।

তেওঁ আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ দৰে হৈ পৰিছিল সিংহ দুটা। কিন্তু হঠাতে যোৱা বুধবাৰে প্ৰাতঃভ্ৰমণ কালত হিংস্ৰ ৰূপ ধাৰণ কৰি নিজৰেই মালিকৰ প্ৰাণনাশ কৰিলে দুয়োৱে। পিছে পিছে গৈ থকা পত্নীয়ে বচাবলৈ চেষ্টা কৰিও বিফল হয়। কিন্তু আচৰিতভাৱে পত্নীক আক্ৰমণ কৰা নাছিল সিংহ দুটাই।

উল্লেখ্য ২০১৭ চনতো এগৰাকী লোকক আক্ৰমণ কৰিছিল যদিও ৱেষ্টৰ ক্ষেত্ৰত কোনো হিংস্ৰতা প্ৰদৰ্শন কৰা নাছিল। কিন্তু বুধবাৰৰ ঘটনাটোৱে সকলোকে আশ্চৰ্যান্বিত কৰিছে। কিয়নো বন্যপ্ৰাণী সংৰক্ষণৰ মাজেৰে জীৱন পাৰ কৰা ৱেষ্টে সঠিকভাৱে প্ৰশিক্ষিত কৰি তুলিছিল দুয়োকে। ধাৰণা কৰা হৈছে যে পোৱালি দুটাক ৱেষ্টে কোনো চিকাৰ-ক্ষেত্ৰ্ৰৰ পৰা আনিছিল, যাৰ বাবে চিকাৰ কাৰ্যৰ নিষ্ঠুৰতা সিহঁতে মনোজগতত পুহি ৰাখিছিল।

 

You might also like