নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানৰ প্রতিষ্ঠাতা জিন্নাৰ প্রতিমূর্তি লণ্ডভণ্ড বালুচিষ্টানত

নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ বালুচিষ্টান প্রদেশৰ উপকূলীয় চহৰ গডৰৰ মেৰিনড্রাইভত স্থাপন কৰা পাকিস্তানৰ প্রতিষ্ঠাতা মহম্মদ আলী জিন্নাৰ প্রতিমূর্তিটো বালুচ উগ্রপন্থীয়ে বিস্ফোৰণেৰে ধ্বংসস্তূপত পৰিণত কৰে৷ নিষিদ্ধঘোষিত সন্ত্রাসবাদী সংগঠন বালুছ ৰিপাব্লিকান আর্মীয়ে জিন্নাৰ প্রতিমূর্তিটো বোমাৰে উৰুৱাই দিয়া বুলি টুইটাৰ যোগে স্বীকাৰ কৰিছে৷

পাকিস্তানৰ প্রতিষ্ঠাতা জিন্নাৰ প্রতিমূর্তিটো সন্ত্রাসবাদীয়ে ধ্বংসস্তূপত পৰিণত কৰা ঘটনাটোৱে দেশখনৰ আদর্শত আঘাত হনা বুলি বালুচিষ্টানৰ প্রাক্তন গৃহমন্ত্রী তথা বর্তমানৰ ছিনেটৰ চৰফ্রাজ বাগটিয়ে টুইটযোগে প্রকাশ কৰিছে৷

উল্লেখ্য যে সুৰক্ষিত আৰু নিৰাপদ স্থান হিচাপে চর্চিত মেৰিনড্রাইভত পাকিস্তানৰ প্রতিষ্ঠাতা মহম্মদ আলী জিন্নাৰ প্রতিমূতিটো কর্তৃপক্ষই স্থাপন কৰিছিল৷ কিন্তু এই নিৰাপদ স্থানতেই বালুচ ৰিপাব্লিকান আর্মীয়ে বোমা বিস্ফোৰণ ঘটাই প্রতিমূর্তিটো সম্পূর্ণৰূপে বিধ্বস্ত কৰিলে৷

You might also like