কলেজত হিজাব পৰিধানক লৈ বিতৰ্ক
বিশেষ বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ এইবাৰ হিজাব বিতৰ্ক। কলেজত ছাত্ৰীয়ে হিজাব পৰিধান কৰি সোমাব বিচৰাত হাহাকাৰ লাগিছে কৰ্ণাটকত। উদুপি জিলাৰ কুন্দাপুৰ চৰকাৰী প্ৰি-ইউনিভাৰছিটী কলেজত ২৫ গৰাকী ছাত্ৰীয়ে হিজাব পিন্ধি অহাৰ পাছত বুধবাৰে তাৰে প্ৰতিবাদ জনাই হিন্দু ছাত্ৰ একাংশই গেৰুৱা টাৱেল পিন্ধি আহে। ইয়াৰ পাছতে তুমুল বিতৰ্কৰ সৃষ্টি হয়। তাৰ পাছত কলেজ কতৃপক্ষই বৈঠক আহ্বান কৰি কলেজ চৌহদত ধৰ্মীয় পোচাক বাৰণ কৰে। বৃহস্পতিবাৰে হিজাব পৰিধান কৰি অহা ছাত্ৰীসকলক কলেজ চৌহদত প্ৰৱেশ নিষিদ্ধ কৰে। কলেজখনৰ অধ্য়ক্ষই এয়া চৰকাৰী সিদ্ধান্ত বুলি জনায়। ইয়াৰ পাচতে এই ছাত্ৰীসকলে আইনৰ দ্বাৰস্থ হৈছে। আইনে কি সিদ্ধান্ত লয় সেয়া সময়ত পৰিলক্ষিত হ’ব।