শীর্ষ নিৰাপত্তা বিশেষজ্ঞঃ সুবোধ কুমাৰ জয়ছোৱালক চিবিআইৰ সঞ্চালক নিযুক্তি
নিয়মীয়া বাৰ্তা ২৭ মেঃ চেণ্ড্রেল ব্যুৰ’ ইনভেষ্টিগেচন, চমুকৈ চি বি আইৰ নতুন সঞ্চালক হিচাপে দেশৰ শীর্ষ নিৰাপত্তা বিশেষজ্ঞ, জ্যেষ্ঠ আই পি এছ বিষয়া সুবোধ কুমাৰ জয়ছোৱালক নিযুক্তি দিয়া হৈছে৷ কেন্দ্রীয় কর্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেন্সন মন্ত্রালয়ে আজি এক জাননীযোগে জ্যেষ্ঠ আই পি এছ বিষয়া সুবোধ কুমাৰ জয়ছোৱালক চি বি আইৰ সঞ্চালক হিচাপে নিযুক্তি দিয়ে৷ দুবছৰৰ কাৰণে জয়ছোৱাল চি বি আইৰ দায়িত্বত থাকিব৷ বিগত চাৰি মাহ ধৰি চি বি আইৰ কার্যবাহী সঞ্চালক হিচাপে অতিৰিক্ত সঞ্চালক প্রবীণ সিন্হাই কার্যনির্বাহ কৰি থকাৰ পাছত দুদিন পূর্বে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন তিনিজনীয় নির্বাচন কমিটীয়ে চি বি আইৰ সঞ্চালক হিচাপে তিনিজনীয়া তালিকা প্রস্তুত কৰে৷
এই তালিকাৰ পৰাই বুধবাৰে কেন্দ্রীয় কর্মচাৰী মন্ত্রালয়ে জ্যেষ্ঠ আই পি এছ বিষয়া জয়ছোৱালক চি বি আইৰ নতুন সঞ্চালক হিচাপে নিযুক্তি দিয়ে৷ ১৯৮৫ বেটছৰ আই পি এছ মহাৰাষ্ট্রৰ কেডাৰ জয়ছোৱালে চি বি আইৰ সঞ্চালক হিচাপে নিযুক্তি লাভ কৰাৰ পূর্বে চেণ্ড্রেল ইণ্ডাষ্ট্রিয়েল ছিকিউৰিটী ফ’চ, চমুকৈ চি আই এছ এফৰ সঞ্চালকপ্রধান হিচাপে দায়িত্ব গ্রহণ কৰি আছিল৷ ইয়াৰ পূর্বে জয়ছোৱালে দেশৰ বাহ্যিক চোৰাংচোৱা সংস্থা ‘ৰ’ৰ দায়িত্বতো আছিল৷ ২০১৮ চনৰ জুনত মুম্বাই আৰক্ষী আয়ুক্ত হিচাপে কার্যনির্বাহ কৰা জয়ছোৱাল মহাৰাষ্ট্রৰ আৰক্ষী সঞ্চালক হিচাপে দায়িত্ব গ্রহণ কৰাৰ পূর্বে কেন্দ্রীয় চৰকাৰে ডেপুটেচনলৈ আনে৷
২০০৮ চনত পাকিস্তানী সন্ত্রাসবাদীৰ মুম্বাই আক্রমণৰ সময়ত মহাৰাষ্ট্রৰ ইণ্টেলিজেন্স ব্যুৰ’ৰ মুৰব্বী হিচাপে দায়িত্বত থকা জয়ছোৱালে এই সন্ত্রাসবাদী আক্রমণক লৈ আমেৰিকা যুক্তৰাষ্ট্রৰ চোৰাংচোৱা সংস্থাৰ সৈতে কাম কৰাৰ অভিজ্ঞতা আছে৷ তদুপৰি এলগাৰ পৰিষদ আৰু ভীমা কৰে গাঁও হিংসাৰ গোচৰৰ অনুসন্ধানৰ দায়িত্বতো আছিল জয়ছোৱাল৷ চি বি আইৰ দায়িত্ব গ্রহণ কৰাৰ লগে লগে জয়ছোৱালে মুম্বাইৰ প্রাক্তন আৰক্ষী আয়ুক্ত পৰমবীৰ সিঙৰ ১০০ কোটিটকীয়া ধন দাবী গোচৰৰ তদন্তৰ ভাৰ ল’ব লাগিব৷ লক্ষণীয় যে এই গোচৰটোৱে দেশজুৰি ইতিমধ্যে তীব্র প্রতিক্রিয়া সৃষ্টি কৰিছে৷