বাবৰি মছজিদ গোচৰৰ ৰায়দান ৩০ ছেপ্টেম্বৰৰ ভিতৰত দিয়াৰ নিৰ্দেশ
নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ বাবৰি মছজিদ ধ্বংসৰ গোচৰৰ ৰায়দানৰ বাবে চিবিআইৰ বিশেষ আদালতক ৩০ ছেপ্টেম্বৰ সীমা ধাৰ্য কৰি দিছে উচ্চতম ন্যায়ালয়ে। ইয়াৰ আগতে ৩১ আগষ্ট শেষ সীমা নিৰ্ধাৰণ কৰি দিছিল উচ্চতম ন্যায়ালয়ে।
কিন্তু চিবিআইৰ বিশেষ আদালতৰ বিচাৰক সুৰেন্দ্ৰ কুমাৰ যাদৱে আৰু সময়ৰ বাবে আবেদন জনোৱাত শীৰ্ষ আদালতখনে এমাহলৈ ৰায়দানৰ দিন পিছুৱাই ৩০ ছেপ্টেম্বৰৰ ভিতৰত ৰায়দানৰ নিৰ্দেশ দিয়ে।
উল্লেখ্য এই গোচৰৰ মুখ্য অভিযুক্ত হৈছে লালকৃষ্ণ আদৱানি, মুৰলী মনোহৰ যোশী, উমা ভাৰতী। যোৱা ২৪ জুলাইত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আদৱানিৰ জৱানবন্দী লোৱা হৈছিল। জুলাইতে যোশী আৰু ভাৰতীৰো জৱানবন্দী লোৱা হয় আৰু আটায়ে অভিযোগ খণ্ডন কৰি কয় যে সকলো অভিযোগ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত।