আজি সুষমা স্বৰাজৰ মৃত্যুৰ এবছৰ পূৰ্ণ, প্ৰধানমন্ত্ৰী-উপ ৰাষ্ট্ৰপতিৰ স্মৰণ
নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰখ্যাত নেত্ৰী সুষমা স্বৰাজৰ আজি এবছৰীয়া পুণ্যতিথি। যোৱাবছৰ হৃদৰোগজনিত কাৰণত মাত্ৰ ৬৭ বছৰ বয়সতে ইহলীলা সম্বৰণ কৰিছিল নেত্ৰীগৰাকীয়ে। ভাৰতৰ ৰাজনীতত বিজেপিক আজিৰ স্থানত উপস্থাপন কৰোৱাত নেত্ৰী সুষমা স্বৰাজৰ আছিল বিশেষ অৱদান।
মোদী চৰকাৰৰ দিনত বৈদেশিক পৰিক্ৰমা মন্ত্ৰিত্বৰ দায়িত্ব পালন কৰা সুষমা স্বৰাজৰ মৃত্যুতিথিৰ দিনা দেশৰ বহু ৰাজনীতিক-আমোলা বিষয়াই তেওঁক স্মৰণ কৰে।
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে তেওঁলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাই কয় যে নিঃস্বাৰ্থ সুষমা স্বৰাজ বিশ্বমানত ভাৰতৰ এক বলিষ্ঠ কণ্ঠ আছিল। কিন্তু হঠাতে তেওঁ ইহলীলা সম্বৰণ কৰাটো বৰ বেদনাদায়ক আছিল।
উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডুৱেও মত ব্যক্ত কৰি কয় যে সুষমা স্বাৰাজ তেওঁৰ বাবে আছিল বাইদেউ সদৃশ। মিঠাভাষী সুষমা স্বৰাজৰে ছাত্ৰ সংগঠনত থকাৰ দিনৰে পৰা আছিল মধুৰ সম্বন্ধ। অটল বিহাৰী বাজপেয়ীৰ দিনত স্বৰাজে কৰা বিশেষ সহায়ৰ কথাও স্মৰণ কৰে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে।
উল্লেখ্য, ১৯৫২ চনত জন্মগ্ৰহণ কৰা সুষমা স্বৰাজৰ ৬৭ বছৰ বয়সত দিল্লীত ২০১৯ত মৃত্যু হয়।