আফগানিস্তান–পাকিস্তানৰ গুৰুত্বপূর্ণ সীমান্তচকী দখল তালিবানৰ
নিয়মীয়া বাৰ্তা ১৫ জুলাইঃ আফগানিস্তান–পাকিস্তা সীমান্তৰ এক গুৰুত্বপূর্ণ চকী দখল কৰিছে তালিবানে৷ কান্দাহাৰৰ সমীপৱর্তী স্পিন ব’ল্ডাক নামৰ কেঁকুৰিটোত থকা এই চকীটোত তালিবানে নিজৰ বগা পতাকা উৰুওৱা ভিডি’ ছ’চিয়েল মিডিয়াযোগে প্রচাৰ কৰিছে যদিও আফগান চৰকাৰে এই চকীটো এতিয়াও নিজৰ নিয়ন্ত্রণত থকা বুলি দাবী কৰিছে৷ লক্ষণীয়ভাৱে পাকিস্তানী সীমান্তৰক্ষীয়ে তালিবানৰ এই পতাকা উৰুওৱা দৃশ্য নীৰৱে চাই থকা দেখুওৱা হৈছে ভিডিঅ’টোত৷
ইফালে, চীনে এক বিবৃতিত ঘোষণা কৰিছে যে আফগানিস্তানত তালিবানে সকলো সন্ত্রাসবাদী গোটৰ সৈতে সম্পর্ক ছেদ কৰি দেশখনৰ মূল সুঁতিৰ ৰাজনীতিত অংশগ্রহণ কৰা উচিত৷ অতি কৌশলপূর্ণ এই বিবৃতিটোত তালিবানে বিভিন্ন অঞ্চল দখল কৰাৰ পিছত এক বৃহৎ সামৰিক শক্তিত পৰিণত হোৱা বুলি সংগঠনটোক অভিহিত কৰিছে চীনে৷ দেশখনৰ বিদেশমন্ত্রী ৱাং য়িয়ে আফগানিস্তানত যুদ্ধই এতিয়া সর্বাত্মক ৰূপ লাভ কৰা বুলি উল্লেখ কৰি তালিবানে দেশৰ ৰাজনীতিত অংশগ্রহণ কৰাৰ উপৰি নিজৰ দায়বদ্ধতাৰ পৰিচয় দিয়া উচিত বুলিও মন্তব্য কৰিছে৷