এণ্টার্কটিকাত মাত্র ৩ দিনতে বিলুপ্ত বিশাল হ্রদ
নাছাৰ উপগ্রহই প্রেৰণ কৰিলে ছবিঃ গোলকীয় উষ্ণতা বৃদ্ধিৰ ভয়াৱহ প্রভাৱ
নিয়মীয়া বাৰ্তা ৯ জুলাইঃ এণ্টার্কটিকাৰ বৰফৰ মাজত ১১ বর্গকিলোমিটাৰ আয়তনৰ এক বিশাল হ্রদ বিলুপ্ত হোৱা ঘটনাক লৈ মাত্র কেইদিনমান পূর্বে সৃষ্টি হৈছিল বিশ্বজুৰি চাঞ্চল্য৷ শেহতীয়াকৈ আমেৰিকান মহাকাশ গৱেষণা সংস্থা নাছাৰ উপগ্রহই প্রেৰণ কৰিছে চাঞ্চল্যকৰ ছবি৷ মাত্র তিনি দিনৰ ভিতৰতে ৰহস্যজনকভাৱে বিলুপ্ত হৈছিল এই হ্রদটো৷ জলবায়ু পৰিৱর্তনৰ এয়া এক অতি ভয়াৱহ প্রভাৱ বুলি মহাকাশ গৱেষণা সংস্থাটোৰ বিজ্ঞানীয়ে সদৰী কৰিছে৷
লক্ষণীয়ভাৱে এণ্টার্কটিকাৰ বৰফীয় স্তৰৰ ফাঁকেৰে গৈ এই জলাশয়টোৰ পানী মহাসাগৰত মিলি যোৱা বুলি ঘোষণা কৰিছে নাছাই৷ ইয়াৰ ফলত মহাসাগৰৰ জলপৃষ্ঠৰ উচ্চতাও বৃদ্ধি পাইছে৷ নাছাৰ উপগ্রহই ছবি প্রেৰণ কৰাৰ পিছতে এই ছবিক লৈ এতিয়া বিজ্ঞানীসকলে গৱেষণা আৰম্ভ কৰিছে৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত এণ্টার্কটিকাৰ বৰফত আৰম্ভ হৈছে হাইড্র’ফেকচাৰিং৷
অর্থাৎ জলবায়ুৰ উষ্ণতা বৃদ্ধিৰ ফলত এণ্টার্কটিকাৰ বিশাল বৰফীয় খণ্ডত আৰম্ভ হৈছে ফাট৷ মাত্র তিনি দিনৰ ভিতৰতে বিশাল জলৰাশি যদি এণ্টার্কটিকাৰ বুকুৰ পৰা মহাসাগৰত মিলি যাব পাৰে, তেন্তে আগন্তুক ২০৫০ চনৰ ভিতৰত সমগ্র বৰফীয় স্তৰ গলি যোৱাটো আশ্চর্যজনক নহ’ব বুলি বিজ্ঞানীসকলে মন্তব্য কৰিছে৷ লক্ষণীয়ভাৱে গোলকীয় উষ্ণতা হ্রাস কৰাৰ ক্ষেত্রত পৃথিৱীবাসীয়ে বিজ্ঞানসন্মত স্থায়ী পদক্ষেপ গ্রহণ নকৰিলে আগন্তুক তিনিটা দশকৰ ভিতৰত ভয়াৱহ প্রাকৃতিক বিপর্যয়ৰ আশংকা আছে৷