সুস্বাদু খাদ্য বিচাৰি মহিলাৰ পাকঘৰত সোমাল হাতী
নিয়মীয়া বাৰ্তা ২৪ জুনঃ থাইলেণ্ডৰ কায়েং কাছান ৰাষ্ট্রীয় উদ্যানৰ পৰা হাতীয়ে আহি সমীপৱর্তী বাসিন্দাৰ পাকঘৰত খাদ্য বিচৰা ঘটনাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ দ্য গার্জিয়ানৰ প্রতিবেদন অনুসৰি যোৱা ২০ জুনত থাইলেণ্ডৰ হুৱা হিন জিলাৰ এখন গাঁৱত বুনছুৱাই নামৰ অভয়াৰণ্যৰ হাতীটোৱে পুৱাৰ ভাগতে এগৰাকী মহিলাৰ পাকঘৰত আহি প্রৱেশ কৰে৷ হাতীটোৱে খাদ্যৰ সন্ধানত এনেদৰে মহিলাগৰাকীৰ পাকঘৰত প্রৱেশ কৰাৰ লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ লক্ষণীয়ভাৱে ৰাষ্ট্রীয় উদ্যানখনৰ হাতীয়ে শেহতীয়াকৈ খাদ্য বিচাৰি এনেদৰে স্থানীয় বাসিন্দাৰ ঘৰত প্রৱেশ কৰিবলৈ লৈছে৷ বিশেষকৈ ৰান্ধি থোৱা সুস্বাদু খাদ্যৰ প্রতি অভয়াৰণ্যৰ হাতীৰ আকর্ষণ বৃদ্ধি পাবলৈ ধৰিছে৷