নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘এয়া ট্রেইলাৰহে, আচল ছবি বাকী আছে’-আম্বানিৰ পৰিয়ালক জইচ–উল–হিন্দৰ ভাবুকি

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ  দেশৰ আটাইতকৈ ধনাঢ়্য ব্যক্তি মুকেশ আম্বানিৰ পৰিয়াললৈ ভাবুকি আহিছে স্বল্পখ্যাত সন্ত্রাসবাদী সংগঠন জইচ–উল–হিন্দে৷ আম্বানিৰ সন্তানৰ ওপৰত ঘাতক আক্রমণৰ সকীয়নি দিছে সংগঠনটোৱে৷

স্মর্তব্য যে ২৫ ফেব্রুৱাৰীত আম্বানিৰ প্রাসাদোপম অট্টালিকা ‘এণ্টিলিয়া’ৰ সন্মুখত এখন পৰিত্যক্ত স্ক’ৰপি’ গাড়ী উদ্ধাৰ কৰা হৈছিল৷ গাড়ীখনত উদ্ধাৰ কৰা হৈছিল জিলেটিন ষ্টিক৷ এই ঘটনাৰ তদন্ত চলাই মুম্বাই আৰক্ষীয়ে কেতবোৰ চাঞ্চল্যকৰ তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ সমান্তৰালভাৱে সন্ত্রাসবাদী সংগঠনটোৱেও এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰি দাবী কৰা ধন নিদিলে আম্বানি ভয়ংকৰ পৰিণতিৰ সন্মুখীন হ’ব বুলি ভাবুকি দিছে৷ পৰিত্যক্ত গাড়ীখনৰ পৰা উদ্ধাৰ কৰা পত্রত জইচ–উল–হিন্দৰ স্বীকাৰোক্তিৰ বিষয়ে উল্লেখ আছিল৷ পাছত আম্বানিলৈ টেলিগ্রাম এপত মেছেজ প্রেৰণ কৰি সন্ত্রাসবাদী সংগঠনটোৰ অচিনাক্ত সদস্যই কয়– ‘এয়া আছিল ট্রেইলাৰহে৷ আচল ছবি এতিয়াও বাকী আছে৷’ ধন দাবী কৰি আম্বানিৰে পূর্বেও সন্ত্রাসবাদী সংগঠনটোৱে যোগাযোগ কৰা বুলি অনুমান কৰা হৈছে৷ কিয়নো বার্তাটোত ‘পূর্বে কোৱা ধৰণেৰে’ ধন ট্রেন্সফাৰ কৰাৰ ভাবুকি দিয়া হৈছে৷ ‘পাৰা যদি আমাক প্রতিহত কৰা৷ ইয়াৰ পিছৰবাৰ আমাৰ এছ ইউ ভি গাড়ীয়ে তোমাৰ সন্তানৰ গাড়ীত খুন্দা মাৰিব, যদি আমাৰ দাবী এতিয়াই মানি নোলোৱা৷ কি কৰিব লাগে তুমি ইতিমধ্যে গম পাইছা৷

পূর্বে কোৱা ধৰণেৰে ধন ট্রেন্সফাৰ কৰা৷’ –টেলিগ্রাম মেছেজটোত এনেদৰে উল্লেখ কৰা হৈছে৷ বিটকইনৰ যোগেদি ধন ট্রেন্সফাৰ কৰিবলৈ জইচ–উল–হিন্দে দাবী কৰিছে৷ উল্লেখ্য যে জইচ–উল–হিন্দে ইজৰাইলী দূতাবাসত সংঘটিত বিস্ফোৰণৰো দায়িত্ব স্বীকাৰ কৰিছিল৷ ইপিনে মুম্বাই আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে ২৫ জানুৱাৰীৰ নিশা আম্বানিৰ ঘৰৰ সন্মুখত দুখন গাড়ী একেলগে ৰাখিছিল৷ ইয়াৰে সেউজীয়া ৰঙৰ স্ক’ৰপি’খনত আছিল বিস্ফোৰক৷ স্ক’ৰপি’ৰ আৰোহীজনে গাড়ীখন পৰিত্যক্ত অৱস্থাত এৰি বগা ৰঙৰ ইন’ভা গাড়ীৰে পলায়ন কৰিছিল৷ চিচি টিভি কেমেৰাত স্পষ্টভাৱে ইয়াৰ দৃশ্য ধৰা পৰিছে৷ আন কেইবাটাও স্থানৰ চিচি টিভি কেমেৰাতো গাড়ী দুখন থানেৰ দিশৰ পৰা অহা আৰু পাছত ইন’ভা গাড়ীখন থানেৰ দিশলৈ যোৱাৰ দৃশ্য ধৰা পৰিছে৷

You might also like