নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ আগন্তুক বিধানসভা নির্বাচনৰ পূর্বে পশ্চিমবংগত কেন্দ্রীয় চৰকাৰে অর্ধসামৰিক বাহিনীৰ ১২০টা ক’লাম মোতায়েন কৰাৰ যো–জা চলাইছে৷ প্রতিটো ক’লামত থাকিব ১০০জনকৈ নিৰাপত্তা কর্মী৷ অর্থাৎ ১২ সহস্রাধিক অর্ধসামৰিক জোৱানক পশ্চিমবংগ বিধানসভা নির্বাচনৰ পূর্বে ৰাজ্যখনত মোতায়েন কৰা হ’ব৷ ৰাজ্যখনৰ আইন–শৃংখলা পৰিস্থিতিৰ চূড়ান্তভাৱে অৱনতি ঘটা বুলি অভিযোগ কৰি আহিছে বিজেপিয়ে৷
স্মর্তব্য যে কিছুদিন পূর্বে ৰাজ্যখনৰ ৰাজ্যপাল জগদীপ ধনখৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে হোৱা বার্তালাপত আইন–শৃংখলা পৰিস্থিতি সন্দর্ভত উদ্বেগ প্রকাশ কৰিছিল৷ নির্বাচনৰ পূর্বে পশ্চিমবংগত ৰাজনৈতিক হিংসাৰ দ্বাৰা বিজেপি কর্মী আক্রান্ত হ’ব পাৰে বুলি আশংকা প্রকাশ কৰিছে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়েও৷ গতিকে অর্ধ–সেনাৰ ওপৰত মোতায়েন হ’ব পাৰে নিৰাপত্তাৰ দায়িত্ব৷