নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মু–কাশ্মীৰলৈ অতিৰিক্ত ২৫টা বাহিনী প্রেৰণ কৰিব কেন্দ্রই

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ জম্মু আৰু কাশ্মীৰত সন্ত্রাসবাদীৰ গতি–বিধি বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰে ৰাজ্যখনলৈ অতিৰিক্ত ২৫টা সশস্ত্র বাহিনী প্রেৰণৰ সিদ্ধান্ত লৈছে৷ এক সূত্রই  প্রকাশ কৰা অনুসৰি তিনিটা পর্যায়ত জম্মু আৰু কাশ্মীৰলৈ অতিৰিক্ত বাহিনী প্রেৰণ কৰা হ’ব৷ প্রথম পর্যায়ত ১০টা বাহিনী আৰু পৰৱর্তী দুটা পর্যায়ত অৱশিষ্ট ১৫টা বাহিনী জম্মু আৰু কাশ্মীৰত মোতায়েন কৰা হ’ব৷

জম্মু আৰু কাশ্মীৰৰ নাগৰিকক সুৰক্ষা প্রদান আৰু অন্যান্য বাহিনীসমূহে সন্ত্রাসবাদীৰে যুঁজ দিয়াত সহায় কৰাৰ উদ্দেশ্যে অতিৰিক্ত বাহিনীসমূহক সন্ত্রাসজর্জৰ অঞ্চলটোলৈ প্রেৰণ কৰা হ’ব৷ শেহতীয়াকৈ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ এক উচ্চ পর্যায়ৰ বৈঠকত এই গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয় বুলি সূত্রটোৱে জানিবলৈ দিয়ে৷

উল্লেখ্য যে যোৱা দুটা সপ্তাহত জম্মু আৰু কাশ্মীৰত সন্ত্রাসবাদীৰ আক্রমণ বৃদ্ধি পাইছে৷ নিৰাপত্তা বাহিনীৰে হোৱা সংঘর্ষত ১৫টা সন্ত্রাসবাদী নিহত হৈছে৷

You might also like