বাংলাদেশত প্রথম ট্রেন্সজেণ্ডাৰ নিউজ এংকৰ
নিয়মীয়া বাৰ্তা, ১১ মার্চঃ কট্টৰ ইছলামপন্থীৰ দ্রুত উত্থানৰ মাজতেই বাংলাদেশত আন্তর্জাতিক নাৰী দিৱসৰ দিনাখন প্রথমগৰাকী তৃতীয় লিংগৰ ব্যক্তিয়ে নিউজ এংকৰ হিচাপে দায়িত্ব লাভ কৰিছে এটা বাংলা চেনেলত৷
বৈশাখী নিউজ নামৰ এই চেনেলটোৰ বিয়লি ৪ বজাৰ বুলেটিনত নিউজ ৰীডাৰ হিচাপে প্রথমবাৰৰ বাবে দায়িত্ব পালন কৰে তছনুভা আনান শিশিৰে৷ ব্যক্তিগত নিউজ চেনেলটোত প্রথমগৰাকী তৃতীয় লিংগৰ অথবা ট্রেন্সজেণ্ডাৰ ব্যক্তি হিচাপে আনান শিশিৰে নিউজ ৰীডিং কৰাৰ পিছতেই বাংলাদেশৰ উদাৰপন্থী লোকসকলে ইয়াক আদৰণি জনাইছে৷
অৱশ্যে কট্টৰ ইছলামপন্থীসকলে চেনেলটোৰ এই কার্যক লৈ তীব্র ক্ষোভ প্রকাশ কৰিছে৷ স্মর্তব্য যে ২৯ বছৰীয়া আনান শিশিৰে চেনেলটোৰ শেহতীয়া অডিচনৰ সময়ত নিউজ এংকৰ হিচাপে বাছনি লাভ কৰিবলৈ সক্ষম হয়৷