নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মেড ইন ইণ্ডিয়া’ৰ অধীনত সেনালৈ কার্বাইন

এলএচিত সশস্ত্র বাহিনীক যুদ্ধৰ বাবে সাজু কৰাৰ চিন্তা–চর্চা

নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ   লাডাখৰ প্রকৃত নিয়ন্ত্রণ ৰেখা (এলএচি)ত চীনৰ সৈতে উত্তেজনা অব্যাহত থকাৰ সময়তে ভাৰতে সশস্ত্র বাহিনীৰ বাবে ‘মেড ইন ইণ্ডিয়া কার্বাইন’ যোগান ধৰাৰ বিষয়টো বিবেচনা কৰি আছে৷ সশস্ত্র বাহিনীত ৩.৫ লাখ কার্বাইনৰ প্রয়োজন৷ ইয়াৰ ভিতৰত ৯৪ হাজাৰ শীঘ্রে সশস্ত্র বাহিনীক প্রদান কৰাৰ বাবে চিন্তা–চর্চা চলাইছে প্রতিৰক্ষা মন্ত্রালয়ে৷ স্মর্তব্য যে পূর্বৰে পৰা ভাৰতীয় সেনাই কার্বাইনত অধিক গুৰুত্ব প্রদান কৰি আহিছে৷ সীমান্তৰ যুদ্ধত কার্বাইনৰ নির্ভৰযোগ্যতাত গুৰুত্ব প্রদান কৰি আহিছে স্থলসেনাই৷ উল্লেখনীয় যে এই কার্বাইনবোৰ পশ্চিমবংগৰ ইছাপ’ৰৰ অর্ডনান্স ফেক্টৰী ব’ডৰ দ্বাৰা নির্মাণ কৰি অহা হৈছে৷ এই ব’র্ডেই সশস্ত্র বাহিনীক প্রদান কৰি আহিছে কার্বাইন৷ কিন্তু ইছাপ’ৰৰ এই কার্বাইনৰ বিভিন্ন পৰীক্ষা এতিয়াও চলাবলৈ বাকী আছে৷ গতিকে মেড ইন ইণ্ডিয়া কার্যসূচীৰ অধীনত এই কার্বাইনক নতুন ৰূপত প্রস্তুত কৰা হ’ব পাৰে৷ লক্ষণীয়ভাৱে পূর্বতে তিনিওটা সশস্ত্র বাহিনীয়ে ইছাপ’ৰত নির্মাণ কৰা কার্বাইনৰ সীমিত সংখ্যকহে লাভ কৰিছিল৷ মেড ইন ইণ্ডিয়া কার্যসূচীৰ অধীনত আগন্তুক দিনত লাডাখ তথা কাশ্মীৰ সীমান্তত তিনিওটা বাহিনীয়ে প্রয়োজনীয় কার্বাইন লাভ কৰিবলৈ সক্ষম হ’ব পাৰে৷ ইতিমধ্যে প্রতিৰক্ষা মন্ত্রালয়ে এই বিষয়টোক লৈ শীর্ষ বিষয়ববীয়াসকলৰ সৈতে আলোচনা আৰম্ভ কৰিছে৷ যদি মেড ইন ইণ্ডিয়া কার্যসূচীৰ অধীনত কার্বাইনবোৰ সশস্ত্র বাহিনীক যোগান ধৰাৰ ব্যৱস্থা কৰা হয়, তেন্তে এল এ চিত ভাৰতীয় সেনাৰ শক্তি বৃদ্ধি পাব৷

You might also like