নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ বিগত কিছুদিন ধৰি ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ উৎসৱৰ বতৰত জনতাই ৰাজহুৱা সমাগমস্থলীত ভিৰ বৃদ্ধি কৰাৰ পৰিপ্রেক্ষিতত ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি পাইছে, ঠিক তেনেদৰে মৃতকৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে৷
কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা মতে, উৎসৱৰ পিছতেই দেশত ক’ভিডত আক্রান্তৰ সংখ্যা বৃদ্ধি হৈছে৷ যোৱা ২৪ ঘণ্টাত দেশজুৰি আক্রান্ত হৈছে ১৬,৩২৬জন আৰু মৃত্যু ঘটিছে ৬৬৬জনৰ৷ স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি, কেৰালাত আক্রান্ত আৰু মৃতকৰ সংখ্যা দেশৰ ভিতৰত সম্প্রতি সর্বাধিক হৈ আছে৷ তেনেদৰে মহাৰাষ্ট্রত আক্রান্তৰ সংখ্যা নিম্নগামী হৈছিল যদিও বিগত দুদিন ধৰি আক্রান্তৰ সংখ্যা বর্ধিত হৈছে৷
তথ্য অনুসৰি, দেশত প্রতিদিনে আক্রান্তৰ হাৰ ১.২০ শতাংশ আৰু সাপ্তাহিক আক্রান্তৰ হাৰ ১.২৪ শতাংশ৷ মৃত্যুৰ হাৰ ১.৩৩ শতাংশ৷ স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি, দেশত মুঠ ৩,৪১,৫৯,৫৬২জন লোক ক’ভিডত আক্রান্ত হোৱাৰ বিপৰীতে ৪,৫৩,৭০৮জন লোকৰ প্রাণহানি হৈছে৷ সম্প্রতি ১,৭৩,৭২৮জন লোক আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে৷