নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ বিহাৰত নীতিশ কুমাৰ চৰকাৰৰ ৩১গৰাকী মন্ত্রীৰ ভিতৰত ১৮গৰাকীৰ বিৰুদ্ধে আছে অপৰাধ গোচৰ৷ এছ’চিয়েচন ফৰ ডেমক্রেটিক ৰিফর্মছ (এডিআৰ) আৰু ইলেকচন ৱাটছে মন্ত্রীসকলৰ মনোনয়নৰ সময়ত দাখিল কৰা শপতনামা বিশ্লেষণ কৰি এই তথ্য সদৰী কৰিছে৷ ৰাজ্যখনৰ নৱ নির্বাচিত ২৪১গৰাকী বিধায়কৰ ৬৮ শতাংশৰ বিৰুদ্ধে আছে অপৰাধ গোচৰ৷ আনকি কেইবাজনো মন্ত্রী–বিধায়কৰ বিৰুদ্ধে আছে হত্যাৰ গোচৰ৷ ১৮গৰাকী অপৰাধ গোচৰত জড়িত মন্ত্রীৰ ১৪গৰাকীৰ অপৰাধ অতি গুৰুতৰ বুলি উল্লেখ কৰিছে এডিআৰ আৰু ইলেকচন ৱাটছে৷
লক্ষণীয়ভাৱে দুগৰাকী মন্ত্রীয়ে শপতনামাত এই সন্দর্ভত কোনো তথ্য সদৰী কৰা নাই৷ বিজেপিৰ ১৪গৰাকী মন্ত্রীৰ ১১গৰাকীৰ বিৰুদ্ধে আছে অপৰাধ গোচৰ৷ ইফালে জেডি(ইউ)ৰ চাৰিগৰাকী মন্ত্রীও অপৰাধ গোচৰত জড়িত হৈ আছে৷ হিন্দুস্তানী আবাম মর্চা, বিকাশশীল ইনছান পার্টী আৰু এগৰাকী নির্দলীয় মন্ত্রীৰ বিৰুদ্ধেও অপৰাধ গোচৰ থকা বুলি শপতনামাত উল্লেখ কৰা হৈছে৷