নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬০বছৰ! ভূটান ভ্ৰমণত এইবাৰ নতুন সংযোজন

ভূটানলৈ গৈছেনে? যদি যোৱা নাই, তেন্তে এইবাৰ যাব পাৰে নতুন ভ্ৰমণ অভিজ্ঞতা ল’বলৈ। আগতে যোৱাসকলৰ বাবেও এইবাৰৰ অভিজ্ঞতা হ’ব বিৰল। কিয়নো, সুদীর্ঘ প্রায় ৬০ বছৰৰ পাছত ভূটানত পূনৰ আৰম্ভ হৈছে ট্রান্স ভূটান পৰিক্রমা। এই পৰিকল্পনাত পর্যটকে খোজ কাঢ়ি অথবা দুচকীয়াৰে প্রায় ৪০০ কিলোমিটাৰ পথ ফুৰিব পাৰিব।

শত বছৰৰ ইতিহাস ওভতাই আনিবলৈ অহা এপ্রিলৰ পৰা এই যাত্রা আৰম্ভ কৰাৰ কথা জনাইছে ভূটান প্রশাসনে। ৯ খন জিলাৰ ওপৰেৰে যাব পৰা এই দীর্ঘ পথত হিমালয়ৰ মনোমোহা সৌন্দর্যৰ উপৰিও আছে বিভিন্ন ঐতিহাসিক আৰু সাংস্কৃতিক স্থান দর্শনৰ সুবিধা। ১৮খন সেঁতু, একাধিক তীর্থক্ষেত্র, ১০ হাজাৰ খটখটি আৰু এখন জাতীয় উদ্যানো আছে। ঐতিহাসিকভাৱে, কেইবাশ বছৰ ধৰি বৌদ্ধ ভিক্ষুসকলৰ যাতায়াতৰ পথ আছিল এইটো। এইবাৰ সেই পথেৰে ভূটান চোৱাৰ সুয়োগ পাব পর্যটকে।

You might also like