মাকৰ পৰা ক’ভিড সংক্রমণ হ’ব পাৰে সদ্যোজাতলৈ
বিশেষ বাৰ্তা, ১৭ মাৰ্চঃ সদ্যোজাতৰ ক্ষেত্ৰত মাকো হ’ব পাৰে বিপদৰ কাৰণ। ক’ভিড সংক্রমণ সন্দৰ্ভত এই কথা কোৱা হৈছে। মাকৰ পৰা শিশুৰ দেহলৈ ছাৰ্ছ-ক’ভ-২ ভাইৰাছ সংক্রমিত হ’ব নোৱাৰে, এই ধাৰণা মুঠেও সঠিক নহয়। যদি মাক সেই সময়ত ক’ভিডত আক্রান্ত হয়, তেন্তে শিশুটি মাতৃগর্ভত থকাৰ সময়তো সংক্রমণ হ’ব পাৰে। অথবা জন্মৰ সময় বা জন্মৰ পাছত। বহু দেশৰ ক’ভিড আক্রান্ত ১৪ হাজাৰ সদ্যোজাত আৰু মাকক লৈ চলোৱা গৱেষণাত এই উদ্বেগজনক খবৰ প্ৰকাশ হৈছে। বিশ্ব স্বাস্থ্য সংস্থা (হু)-ৰ সৈতে যৌথভাৱে সমীক্ষা চলাইছে বার্মিংহাম বিশ্ববিদ্যালয়ৰ চেন্টাৰ ফৰ গ্ল’বেল উইমেন্স হেল্থে। গৱেষণাপত্র প্রকাশ হৈছে আন্তঃর্জাতিক চিকিৎসাবিজ্ঞানৰ গৱেষণা পত্রিকা ‘বিএমজে’ত।