ক’ভ’ভেক্স ক’র্বেভেক্স ব্যৱহাৰত কেন্দ্রৰ অনুমোদন
নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ ক’ভিড–১৯ৰ নতুন প্রকৰণ দ্রুতগতিত সংক্রমিত অমিক্রনৰ শংকা চলি থকাৰ মাজতে আজি কেন্দ্রীয় চৰকাৰে দুটা নতুন ক’ভিড ভেকচিন প্রদানত অনুমোদন জনাইছে৷ দুটা ভেকচিনৰ লগতে এণ্টি–ভাইৰেল ঔষধ এবিধো জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন জনাইছে৷ কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনছুখ মাণ্ডাভিয়াই দুটা নতুন ভেকচিন ক’ভ’ভেক্স আৰু ক’র্বেভেক্সৰ লগতে এণ্টি–ভাইৰেল ঔষধ ম’লনুপিৰাৱিৰ জৰুৰীকালীন ব্যৱহাৰত অনুমোদন জনোৱা বুলি প্রকাশ কৰিছে৷ কেন্দ্রীয় স্বাস্থ্যমন্ত্রীগৰাকীয়্ কয় যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ অধীনৰ চেণ্ড্রেল ড্রাগ্ছ ষ্টেণ্ডার্ড কণ্ড্র’ল অর্গেনাইজেচন চমুকৈ চি ডি এছ চি অ’ই ক’ভিড–১৯ ভেকচিন ক’ভ’ভেক্স আৰু ক’র্বেভেক্সৰ লগতে ম’লনুপিৰাৱিৰ এণ্টি–ভাইৰেল ঔষধবিধ জৰুৰীকালীন ব্যৱহাৰত অনুমতি জনাইছে৷ মন্ত্রীগৰাকীয়ে কয় যে হাইদৰাবাদস্থিত কোম্পানী বায়ল’জিকেল–ইয়ে থলুৱাভাৱে বিকশিত কৰা প্রথম আৰবিডি প্র’টিনৰ ক’ডি ভেকচিন ক’র্বেভেক্স৷ এইটো হৈছে দেশৰ থলুৱাভাৱে বিকশিত তৃতীয়টো ভেকচিন৷ অর্থাৎ ভেকচিনত হেটট্রিক ভাৰতৰ৷ আনপিনে ক’ভিশ্বিল্ড প্রস্তুতকর্তা পুনেস্থিত ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ দ্বাৰা বিকশিত আৰু উৎপাদিত নেন’পার্টিক’ল ভেকচিন ক’ভ’ভেক্স৷ লক্ষণীয় যে এণ্টি–ভাইৰেল ঔষধ ম’লনুপিৰাৱিৰ এতিয়াৰে পৰা দেশৰ ১৩টা কোম্পানীয়ে প্রস্তুত কৰিব৷ কিয়নো এই ম’লনুপিৰাৱিৰ দেশত জৰুৰীকালীন ব্যৱহাৰত অনুমতি দিয়া হৈছে৷ মন কৰিবলগীয়া যে ক’ভিড–১৯ত আক্রান্ত প্রাপ্তবয়স্ক যিসকলৰ অৱস্থা বিপজ্জনক হৈ থাকে, তেনে ৰোগীক ম’লনুপিৰাৱিৰ দ্বাৰা চিকিৎসা কৰা হ’ব৷ তাৎপর্যপূর্ণ যে ক’ভ’ভেক্স আৰু ক’র্বেভেক্সৰ পূর্বে দেশত ক’ভিশ্বিল্ড, ক’ভাক্সিন, স্পুটনিক, মডার্না, জনছন এণ্ড জনছন, জাইডাছ কেডিলাৰ ভেকচিন প্রদান কৰি থকা হৈছে৷