নিয়মীয়া বাৰ্তা ২২ ডিচেম্বৰঃ উত্তৰ প্রদেশৰ ছাহজাহানপুৰত এগৰাকী ২১ বছৰীয়া যুৱতীক বলপূর্বকভাৱে ধর্মান্তৰ কৰাৰ চেষ্টা চলোৱা দুজন লোকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ যুৱতীগৰাকীক অপহৰণ কৰি ধর্মান্তৰ কৰাৰ চেষ্টা চলাইছিল দুর্বৃত্ত দুটাই৷ ৰাজ্যখনৰ ধর্মান্তকৰণবিৰোধী নতুন আইনৰ অধীনত দুয়োজন লোকক গ্রেপ্তাৰ কৰা হৈছে৷ লোক দুজনক জনৈক মহছিন আৰু ছাদিক বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে৷
স্মর্তব্য যে ধর্মান্তৰকৰণৰ জৰিয়তে যুৱতীজনীক নিকাহৰ বাবে সাজু কৰিবলৈ লোৱা হৈছিল৷ সংবাদ সংস্থা পি টি আইৰ সৈতে হোৱা বার্তালাপত আৰক্ষী অধীক্ষক এছ আনন্দে উল্লেখ কৰা অনুসৰি পৰিয়ালৰ অভিযোগৰ ভিত্তিত ১৯ ডিচেম্বৰত এক গোচৰ ৰুজু কৰি বিষয়টো সন্দর্ভত তদন্ত কৰা হৈছিল৷ তিনিজন লোকৰ বিৰুদ্ধে পৰিয়ালে আৰক্ষীক অভিযোগ দাখিল কৰিছে যদিও এজন লোক বর্তমান পলাতক অৱস্থাত আছে৷