নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাঞ্চল্য: মৃত্যুৰ দুবছৰ পিছত ধর্ষিতা মহিলা

নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: দুবছৰ পূর্বে ভূপালত আত্মহনন কৰা মহিলা এগৰাকী ফৰেনছিক প্রতিবেদনত ধর্ষিতা হোৱা বুলি স্পষ্ট কৰাৰ পিছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ভূপালৰ বৈৰাছিয়া আৰক্ষী থানাই কালি সন্ধিয়া ফৰেনছিক প্রতিবেদনত মহিলাগৰাকী ধর্ষিতা হোৱা বুলি তথ্য লাভ কৰাৰ পিছতেই ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷

বৈৰাছিয়া আৰক্ষী থানাৰ পৰিদর্শক কৈলাস নাৰায়ণ ভৰদ্বাজে প্রকাশ কৰা মতে, ২০১৮ চনৰ নৱেম্বৰত মহিলাগৰাকীয়ে পেটৰ বিষ হোৱা বুলি জনাইছিল৷ তেওঁক বৈৰাছিয়া হাস্পতাললৈ নিয়া হৈছিল আৰু তাৰ পৰা ভূপাল চহৰৰ হামিদিয়া হাস্পতাললৈ স্থানান্তৰ কৰা হৈছিল৷ হামিদিয়া হাস্পতাললৈ গৈ থকাৰ সময়ত মহিলাগৰাকীয়ে ভাতৃক বিহপান কৰা বুলি কৈছিল৷ পিছত ভাতৃয়ে আৰক্ষীকো তাকেই কৈছিল৷ কিন্তু মৃত্যুৰ পিছত মহিলাগৰাকীৰ বিভিন্ন অংগৰ নমুনা ফৰেনছিক লেব’ৰেটৰীত পৰীক্ষা কৰাত নির্যাতিত হোৱা বুলি নিশ্চিত হয়৷ ইয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

You might also like