ক’ভিড–১৯ৰ বাবে বন্ধ হৈ থকা ধর্মীয় অনুষ্ঠান মুকলিৰ বিষয় লৈ ৰাজ্যপাল ভগত সিং কোছায়াৰিয়ে দিয়া এক পত্রৰ প্রত্যুত্তৰত মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেই আজি উল্লেখ কৰিছে যে তেওঁ হিন্দুত্ব অনুসৰণ কৰে আৰু নেতাগৰাকীৰ ধর্মীয় বিশ্বাস সন্দর্ভত কোনেও পৰীক্ষা চলাব নালাগে৷
ৰাজ্যপালৰ বিৰুদ্ধে কঠোৰ মন্তব্য আগবঢ়োৱা উদ্ধৱ থাকৰেই উল্লেখ কৰিছে যে লকডাউন হঠাতে জাৰি কৰাটো সঠিক নহয়৷ সেইদৰে তাৎক্ষণিকভাৱে এই লকডাউন প্রত্যাহাৰ কৰাটোও উচিত নহয়৷ স্মর্তব্য যে ৰাজ্যপালগৰাকীয়ে পূজাস্থলীবোৰ শীঘ্রে মুকলি কৰাৰ বাবে উদ্ধৱ থাকৰেলৈ পত্রখন প্রেৰণ কৰিছিল৷ এইক্ষেত্রত উদ্ধৱ থাকৰেই বিলম্ব ঘটোৱাত কাৰ অনুমতি লাভ কৰিছে বুলিও কটাক্ষ কৰিছিল কোছায়াৰিয়ে৷