তৃতীয় বিশ্ব যুদ্ধ হ’ব নেকি? বাইডেনে কিয় ক’লে…
ইউক্রেইনক লৈ ক্রমাৎ উত্তেজনা বাঢ়িছে ৱাশ্বিংটন আৰু মস্কোৰ। এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ এক বক্তব্যই নতুন চাঞ্চল্যৰ সৃষ্টি কৰিছে। কূটনৈতিক মহলত আলোচনা হৈছে আকৌ যুদ্ধৰ পৰিস্থিতিয়ে ঘেৰিল নেকি? বাইডেনে কৈছে যে ইউক্রেইনত বসবাস কৰি থকা আমেৰিকাৰ নাগৰিকসকলে অবিলম্বে দেশ এৰি গুচি অহা উচিত।
বৃহস্পতিবাৰে মাৰ্কিন ৰাষ্ট্ৰপতিয়ে সংবাদ মাধ্যমৰ এক সাক্ষাৎকাৰত জনাইছে,মাৰ্কিন নাগৰিকসকলে ইউক্রেইন এৰি গুচি অহা উচিত। তেওঁ লগতে কয় বিশ্বৰ বৃহত্তম সেনা বাহিনীৰ সৈতে মোকাবিলা কৰিছে আমেৰিকাই। একেবাৰেই ভিন্ন পৰিস্থিতি। যিকোনো মুহূর্তত যিকোনো দিশে যাব পাৰে পৰিস্থিতি। সেয়ে ইউক্রেইনত বসবাস কৰা মাৰ্কিন নাগৰিকসকলে দেশখন ত্যাগ কৰা শ্রেয়।
বাইডেন লগতে কয় যে, কোনো কাৰণতেই ইউক্রেইনলৈ সেনা নপঠিয়াই আমেৰিকাই। ৰাছিয়াৰ আক্রমণৰ পাছত তাত থকা মাৰ্কিন নাগৰিকক উদ্ধাৰৰ বাবেও সেনা পঠিওৱা নহয়। যদি আমেৰিকা আৰু ৰুছ সৈন্যই গুলি চালনা আৰম্ভ কৰে তেন্তে আমি এখন অন্য পৃথিৱী দেখিবলৈ পাম। এয়া বিশ্বযুদ্ধসম হ’ব বুলিও তেওঁ মন্তব্য কৰে। উল্লেখ্য যে, ইউক্রেইন সীমান্তত ৰাছিয়াই প্রায় ডেৰ লাখ সেনা পঠিওৱাৰ পাছত আৰম্ভ হৈছে আৰু এখন ‘শীতল যুদ্ধ’।