ইউক্ৰেইনত বিদায় পৰত কান্দোনৰ ৰোল…
বিশেষ বাৰ্তা, ২৫ফেব্ৰুৱাৰীঃ যুদ্ধবিধ্বস্ত ইউক্রেইনৰ পৰা নিৰাপদ আশ্রয় বিচাৰি মাকৰ সৈতে যাবলৈ ওলাইছে এটি কণমানি। যুদ্ধ পৰিস্থিতিত ‘দেশসেৱা’ কৰিবলৈ দেউতাকে থাকিব লাগিব দেশতেই। আকৌ কেতিয়া দেখা হ’ব? হয়তো কেতিয়াও আৰু দেখাই নহ’ব। সকলোতে অপাৰ অনিশ্চয়তা। বিদায় পৰত কণমানিজনীক সাৱটি ধৰি কান্দি উঠিল দেউতাক। দেউতাকৰ কান্দোন দেখি বুজা-নুবুজা কণমানিটোৱেও ফেঁকুৰি-ফেঁকুৰি কান্দিছে।
&
⚠️#BREAKING | A father who sent his family to a safe zone bid farewell to his little girl and stayed behind to fight …
#Ukraine #Ukraina #Russia #Putin #WWIII #worldwar3 #UkraineRussie #RussiaUkraineConflict #RussiaInvadedUkraine pic.twitter.com/vHGaCh6Z2i
— New News EU (@Newnews_eu) February 24, 2022
;
ইণ্টাৰনেটত বিয়পি পৰা এই ভিডিঅ’টোৱে সকলোকে আৱেগিক কৰি পেলাইছে। যুদ্ধৰ সময়ত এনে ছবি বৰ সুলভ হৈ উঠে। যুদ্ধৰ বিভীষিকা যুগ যুগ ধৰি কঢ়িয়াই ফুৰিব লাগে সেই অঞ্চলটোৰ লোকে। উল্লেখণীয় যে, ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে নতুন নির্দেশত ঘোষণা কৰিছে যে, ১৮ ৰ পৰা ৬০ বছৰ বয়সৰ পুৰুষসকলে কোনো কাৰণতেই ইউক্রেইন এৰিব নোৱাৰিব।