উত্তৰ প্রদেশৰ উনাওত দুই তৰুণীৰ মৃতেদহ উদ্ধাৰক লৈ তীব্র চাঞ্চল্য
নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ উত্তৰ প্রদেশৰ উনাওত খেতিপথাৰত দুগৰাকী তৰুণীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ কালি সন্ধিয়া ১৩ আৰু ১৬ বছৰীয়া এই কিশোৰী তথা তৰুণী দুজনীৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱাৰ পিছতে পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অচিনাক্ত লোকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে৷ দলিত সম্প্রদায়ৰ তৰুণী দুগৰাকীক মৃত অৱস্থাত পোৱাৰ উপৰি একে স্থানত ১৭ বছৰীয়া যুৱতী এজনীক অচেতন অৱস্থাত পোৱা গৈছে ঘটনাস্থলীত৷ এয়া এক পৰিকল্পিত হত্যাৰ ঘটনা বুলি বিভিন্ন মহলে সন্দেহ কৰিছে৷ লগে লগে উত্তৰ প্রদেশ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈছে বিৰোধী কংগ্রেছ৷