আদিত্যনাথৰ প্রফাইল ফটোত গৰু-বান্দৰ ছবি! কোনে কৰিলে এনে কাম…
বিশেষ বাৰ্তা, ৯ এপ্ৰিলঃ যোগী আদিত্যনাথৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত প্ৰফাইল ফটো লাগিল গৰু-বান্দৰৰ। কোনো দুষ্টই কৰিলে এই কাম। আচলতে হেক হ’ল উত্তৰপ্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ টুইটাৰ একাউণ্ট। প্রফাইল ফটোত গৰু, বান্দৰ ইত্যাদি প্রাণীৰ ছবি লগাই মাত্ৰ কেইঘণ্টাত ৩০০ৰো অধিক টুইট কৰিলে হেকাৰে।
Uttar Pradesh Chief Minister Office’s Twitter account hacked. pic.twitter.com/aRQyM3dqEk
— ANI UP/Uttarakhand (@ANINewsUP) April 8, 2022
টুইটাৰত ৪০ লাখৰো বেছি অনুগামী আছে আদিত্যনাথৰ। শণিবাৰৰ পুৱাৰ এই ঘটনাৰ পৰিপ্রেক্ষিত অপৰাধীক কঠোৰ শাস্তি দিয়া হ’ব বুলি হুংকাৰ দিলে উত্তৰপ্রদেশ চৰকাৰে। উত্তৰপ্রদেশৰ মুখ্যমন্ত্রীৰ কাৰ্যালয়ৰ পৰা জনোৱা হয় যে শুকুৰবাৰে নিশা ১২.৩০ বজাত একাউণ্টটো হেক কৰা হয়। পাছত অৱশ্যে সেয়া উদ্ধাৰ কৰা সম্ভৱ হৈছে।