নিয়মীয়া বাৰ্তা ১০ এপ্ৰিলঃ উত্তৰ প্রদেশৰ শ্বামলিত স্বাস্থ্যকর্মী তিনিগৰাকী মহিলাক ক’ভিড–১৯ ভেকচিন দিয়াৰ পৰিৱর্তে জলাতংক প্রতিৰোধী ভেকচিন দিয়া ঘটনাক লৈ তীব্র চাঞ্চল্য সৃষ্টি হৈছে৷ স্বাস্থ্য বিভাগৰ কর্মীৰ কর্তব্যত গাফিলতিৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰিছে বিভিন্ন দল–সংগঠনে৷ কালি শ্বামলিৰ কান্ধলা সমূহীয়া স্বাস্থ্যকেন্দ্রত সংঘটিত হৈছে এই ঘটনা৷ উল্লেখনীয় যে এই ভেকচিন লোৱাৰ পাছতে এগৰাকী বয়োজ্যেষ্ঠ মহিলা অসুস্থ হৈ পৰে৷ লগে লগে মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ লয়৷ তেতিয়াই স্বাস্থ্যকর্মীৰ গাফিলতিৰ কথা পোহৰলৈ আহে৷ লক্ষণীয়ভাৱে স্বাস্থ্যকেন্দ্রৰ কর্মীসকলে ক’ভিড–১৯ আৰু জলাতংক ৰোগৰ ভেকচিনৰ পার্থক্য বুজি নোপোৱা বিষয়টোক লৈ বিশেষজ্ঞসকলৰ চকু কপালত উঠিছে৷ এই ঘটনাৰ পাছতে স্বাস্থ্যকেন্দ্রটোত স্থানীয় বাসিন্দাসকলে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷ জিলা স্বাস্থ্য বিষয়াই এই কার্যত জড়িত স্বাস্থ্যকর্মীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ প্রতিশ্রুতি প্রদান কৰিছে৷