নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰাখণ্ডৰ নতুন মুখ্যমন্ত্রী তিৰথ সিং ৰাৱট

নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ পাহাৰীয়া ৰাজ্য বিজেপিশাসিত উত্তৰাখণ্ডৰ নতুন মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ কৰিলে তিৰথ সিং ৰাৱটে৷ দলীয় কন্দলৰ ফলত কেন্দ্রীয় নেতৃত্বৰ সিদ্ধান্তমর্মে কালি পদত্যাগ কৰা মুখ্যমন্ত্রী ত্রিবেন্দ্র সিং ৰাৱটৰ স্থানত আজি নতুন মুখ্যমন্ত্রী হিচাপে তিৰথ সিং ৰাৱটে দায়িত্ব গ্রহণ কৰে৷ আজি শপতগ্রহণৰ পূর্বে বিধায়িনী দলৰ নেতা হিচাপে নির্বাচিত হৈ গাড়ৱালৰ লোকসভাৰ সাংসদ তিৰথ সিং ৰাৱটে ৰাজ্যপাল বেবীৰাণী মৌর্যক সাক্ষাৎ কৰে আৰু ইয়াৰ পাছতে তিৰথ সিং ৰাৱটক মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ কৰোৱায়৷ পাঁচ বছৰীয়া কার্যকালৰ চাৰি বছৰ মুখ্যমন্ত্রীৰ দায়িত্ব পালন কৰি পদত্যাগ কৰা ত্রিবেন্দ্রৰ স্থানত নতুনকৈ দায়িত্ব লোৱা মুখ্যমন্ত্রী তিৰথ সিং ৰাৱটে মাত্র এক বছৰৰ বাবে কার্যকাল লাভ কৰিব৷ নতুন মুখ্যমন্ত্রী তিৰথ সিং ৰাৱটক প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে টুইটাৰযোগে অভিনন্দন জনাইছে৷ প্রধানমন্ত্রীৰ মাইক্র’ব্লগিং ছাইট টুইটাৰত কয়– ‘উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী হিচাপে শপত লোৱা তিৰথ সিং ৰাৱটক অভিনন্দন৷ তেওঁৰ বিশাল প্রশাসনিক আৰু সাংগঠনিক অভিজ্ঞতাই ৰাজ্যখন শাসনৰ ক্ষেত্রত সুবিধা পাব৷ তেওঁৰ নেতৃত্বত ৰাজ্যখন প্রগতিৰ নতুন উচ্চতালৈ ধাৱমান হৈ থকাৰ গতি অব্যাহত থাকিব৷

উল্লেখ্য যে ৫৬ বছৰীয়া তিৰথ সিং ৰাৱট বর্তমান উত্তৰাখণ্ডৰ গাড়ৱালৰ লোকসভাৰ সাংসদ৷ ইয়াৰ পূর্বে তেওঁ ৰাজ্যখনত বিধায়ক হিচাপে কার্যনির্বাহ কৰিছিল৷ তদুপৰি ২০১৩ চনৰ ৯ ফেব্রুৱাৰীৰ পৰা ২০১৫ চনৰ ৩১ ডিচেম্বৰলৈকে ৰাজ্যখনৰ বিজেপিৰ সভাপতি আছিল৷ মন কৰিবলগীয়া যে ২০১৭ চনত বিধানসভা নির্বাচনত বিজেপিয়ে ৭০খন অসনৰ ৫৭খন অসন লাভ কৰিছিল আৰু ত্রিবেন্দ্র সিং ৰাৱটক মুখ্যমন্ত্রী পাতিছিল৷ কিন্তু মুখ্যমন্ত্রী ৰাৱটৰ কাম–কাজক লৈ একাংশ দলীয় বিধায়ক অসন্তুষ্ট হোৱাৰ পৰিপ্রেক্ষিততে কেন্দ্রীয় নেতৃত্বই তেওঁক পদ এৰিবলৈ নির্দেশ দিয়ে আৰু ৰাজ্যখনৰ ইতিহাসত পাঁচ বছৰ কার্যকাল সম্পূর্ণ নকৰা সপ্তমগৰাকী মুখ্যমন্ত্রী হিচাপে পৰিগণিত হয়৷ লক্ষণীয় যে ২০০০ চনত গঠন হোৱা উত্তৰাখণ্ডত এতিয়ালৈকে ৮গৰাকী মুখ্যমন্ত্রীয়ে কার্যনির্বাহ কৰিলে৷ ইয়াৰে ভিতৰত একমাত্র এন ডি তিৱাৰীয়ে ৫ বছৰ কাল মুখ্যমন্ত্রী হিচাপে সম্পূর্ণ কৰিছিল৷ নতুন মুখ্যমন্ত্রী তিৰথ সিং ৰাৱটো মাত্র এক বছৰৰ বাবে মুখ্যমন্ত্রী হ’ব৷ কিয়নো অহা বর্ষত ৰাজ্যখনত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব৷

You might also like