নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভ্রমণত ক’ভিড–১৯ত আক্রান্ত হ’লে পর্যটকক ৩,০০০ ডলাৰ উজবেকিস্তানৰ

নিয়মীয়া বাৰ্তা, ২৯ জুনঃ ক’ভিড–১৯ৰ বাবে ক্ষতিগ্রস্ত হোৱা পর্যটন উদ্যোগ উজ্জীৱিত কৰাৰ লক্ষ্যৰে ব্যতিক্রমী পদক্ষেপ গ্রহণ কৰিছে উজবেকিস্তানে৷ জাপান আৰু ইটালীৰ পিছত উজবেকিস্তানে দেশখন ভ্রমণ কৰাৰ সময়ত পর্যটকৰ দেহত ক’ভিড–১৯ পজিটিভ হ’লে তেনে পর্যটকক চৰকাৰখনে তিনি হাজাৰ মার্কিন ডলাৰ প্রদান কৰিব বুলি ঘোষণা কৰিছে৷

৩৩ নিযুত জনসংখ্যাৰ দেশখনত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা তেনেই কম হোৱাৰ পৰিপ্রেক্ষিতত ‘ছেভ ট্রেভেল গ্যাৰেণ্টেড’ শীর্ষক অভিযানেৰে দেশখনলৈ পর্যটকৰ আকর্ষণ পূর্বৰ দৰেই বৃদ্ধি হোৱাৰ লক্ষ্যৰে ৰাষ্ট্রপতি ছাভকট মিৰিজিয়োয়েভে পর্যটকক তিনি হাজাৰ মার্কিন ডলাৰ প্রদানৰ কথা ঘোষণা কৰিছে৷ দেশখনলৈ যাতে ক’ভিড–১৯ৰ পূর্বৰ লেখীয়াই পর্যটকৰ আগমন হয়, তাৰ বাবেই চৰকাৰে এনে ব্যতিক্রমী পদক্ষেপ গ্রহণ কৰিছে৷

গুৰুত্বপূর্ণ যে পর্যটকৰ ভ্রমণ সুৰক্ষিত আৰু নিৰাপদ কৰি তোলাৰ বাবে পর্যটন কেন্দ্রসমূহ ছেনিটাইজেচন কৰিছে চৰকাৰে৷ চীন–ইজৰাইল–জাপান আৰু দক্ষিণ কোৰিয়াৰ লোকসকলে উজবেকিস্তান অনায়াসে ভ্রমণ কৰিব পাৰিব যদিও গ্রেট ব্রিটেইন আৰু ইউৰোপৰ পৰা অহা পর্যটকসকলে ১৪ দিনৰ কোৱাৰেণ্টাইন কৰিব লাগিব বুলিও চৰকাৰৰ বিবৃতিত প্রকাশ পাইছে৷

You might also like