নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনপ্রিয় সংগীত পৰিচালক ৱাজিদ খান বৃক্ক ৰোগত ভুগি থকাৰ মাজতে আক্রান্ত হৈছিল ক’ৰোনাত

নিয়মীয়া বার্তা, ২ জুনঃ  মহামাৰী ক’ভিড–১৯ সংকটৰ মাজতে বলীউড জগতে অকালতে হেৰুৱালে এগৰাকী অতি প্রতিভাৱান সংগীত পৰিচালক ৱাজিদ খানক৷ ছুপাৰষ্টাৰ ছলমান খানৰ ৱাণ্টেড, ডাবাং আৰু এক থা টাইগাৰখ্যাত চাজিদ–ৱাজিদ সংগীত পৰিচালক যুটিৰ ৱাজিদ খানৰ সোমবাৰে ৪২ বছৰ বয়সত অকাল মৃত্যু হয়৷

বৃক্কজনিত ৰোগত আক্রান্ত হৈ থকা জনপ্রিয় সংগীত পৰিচালক ৱাজিদ খান ক’ভিড–১৯ত আক্রান্ত হৈ অকাল মৃত্যুক আঁকোৱালি লোৱাৰ পাছতেই বলীউড জগত শোকত ম্রিয়মাণ হৈছে৷

সংগীত পৰিচালক চালিন মার্ছেণ্টে চুৰানা হাস্পতালত ৱাজিদ খানৰ মৃত্যু হোৱা বুলি প্রথমতে নিশ্চিত তথ্য প্রকাশ কৰাৰ পাছতেই শোকস্তব্ধ বলীউডৰ ৰথী–মহাৰথীয়ে টুইটাৰযোগে শোক প্রকাশ কৰে৷

সংগীত পৰিচালক মার্ছেণ্টে প্রকাশ কৰা মতে, জনপ্রিয় সংগীত পৰিচালক ৱাজিদ খান বহুকেইটা ৰোগত আক্রান্ত হৈ আছিল৷ বৃক্ক ৰোগত আক্রান্ত খানৰ কিছুদিন পূর্বে বৃক্ক সংৰোপণ কৰা হৈছিল৷ কিন্তু শেহতীয়াভাৱে তেওঁৰ বৃক্কত সংক্রমণ আৰম্ভ হৈছিল আৰু বিগত ৪ দিন ধৰি ভেণ্টিলেটৰত আছিল৷ ক্রমান্বয়ে তেওঁৰ বৃক্কৰ সংক্রমণ অতি বেয়াৰ ফালে আগবাঢ়ি গৈছিল আৰু এসময়ত অত্যন্ত জটিল হৈ পৰিছিল৷ এনে সময়তে তেওঁৰ দেহত ক’ভিড–১৯ সংক্রমণ ধৰা পৰে৷ পৰিয়ালৰ সূত্রই প্রকাশ কৰা মতেও জনপ্রিয় সংগীত পৰিচালক খান ক’ভিড–১৯ত আক্রান্ত আছিল৷

অকালতে মৃত্যু হোৱা ৱাজিদ খানে ১৯৯৮ চনত ছলমান খানৰ চলচ্চিত্র ‘প্যাৰ কিয়াটো দৰনা কিয়া’–ৰে বলীউডত চাজিদ–ৱাজিদ সংগীত পৰিচালক যুটি হিচাপে আত্মপ্রকাশ কৰি প্রতিষ্ঠা লাভ কৰে৷ ইয়াৰ পাছতেই এই সংগীত যুটিয়ে গর্ব, তেৰে নাম, তুমকো না ভুল পায়েগে, পাটনাৰ আৰু ব্লক ব্লাষ্টাৰ ডাবাঙত নিজৰ প্রতিভাৰ উজ্জ্বল নিদর্শন প্রতিফলিত কৰিছে৷ সংগীত পৰিচালনাৰ উপৰি ৱাজিদ খানে ছলমান খানৰ বাবে ‘মেৰেহে জালোৱা’, ‘ফেভি কলছে’, অক্ষয় কুমাৰৰ বাবে ‘চিন্তা কা চিতা চিতা’, আদি গীতেৰে কোটি কোটি ভাৰতীয়ৰ হূদয় জয় কৰিছিল৷

শেহতীয়াভাৱে ৱাজিদে ছলমান খানৰ ‘প্যাৰ কৰোনা’ আৰু ‘ভাই ভাই গীত’ৰ সংগীত পৰিচালনা কৰিছিল, যি দুটা গীত অভিনেতাগৰাকীয়ে ইউটিউব চেনেলযোগে মুকলি কৰিছিল৷

লক্ষণীয় যে ভাতৃ চাজিদৰ সৈতে যুটীয়াভাৱে সংগীত পৰিচালনা কৰাৰ উপৰি ৱাজিদে ‘সাৰেগামাপা ২০১২ আৰু সাৰেগামাপা চিংগিং ছুপাৰষ্টাৰ’ ৰিয়েলিটী শ্ব’ৰ আঁত ধৰিছিল৷ আই পি এল ৪ৰ থীম ছং ‘ধুম ধুম ধুম ধাৰাকা’ ভাতৃ চাজিদৰ সৈতে মিলি সংগীত পৰিচালনা কৰে যদিও গীতটো গাইছিল ৱাজিদে৷

You might also like