দক্ষিণ কোৰিয়াক হুংকাৰ কিম জং–উনৰ ভগ্নীৰ
নিয়মীয়া বাৰ্তা ১৫ জুনঃ উত্তৰ কোৰিয়াৰ শীর্ষ নেতা কিম জং–উনৰ ভগ্নী কিম য়ো–জঙে প্রতিৱেশী দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে সামৰিক অভিযান চলোৱাৰ হুংকাৰ দিছে৷ উত্তৰ কোৰিয়া বিৰোধী বিভিন্ন বার্তা লিখা বেলুন সীমান্তৰ সিপাৰৰ পৰা উৰুৱাই থকা কার্যত দক্ষিণ কোৰিয়া প্রশাসনে বাধা প্রদান নকৰা বাবেই এই হুংকাৰ দিছে কিমৰ শক্তিশালী ভগ্নী গৰাকীয়ে৷ উল্লেখনীয় যে দক্ষিণ কোৰিয়াৰ সীমান্তৰ পৰা মানৱ অধিকাৰ সংগঠনৰ কর্মীয়ে উত্তৰ কোৰিয়াত সঘনে মানৱ অধিকাৰ উলংঘা হোৱা বিষয়টো লৈ বেলুনত বার্তা লিখি এই বেলুনবোৰ উৰুৱাই দিছে৷ বেলুনবোৰ আহি উত্তৰ কোৰিয়াৰ ভূ–খণ্ডত পৰিছে৷ দক্ষিণ কোৰিয়া চৰকাৰে এনে কার্যত অনুমতি প্রদান কৰি শত্রুতা প্রদর্শন কৰিছে বুলি অভিহিত কৰিছে কিম য়ো–জঙে৷ গতিকে এনে কার্য বন্ধ নকৰিলে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ হ’ব বুলি হুংকাৰ দিছে কিমৰ ভগ্ণীয়ে৷ শেহতীয়াকৈ উত্তৰ আৰু দক্ষিণ কোৰিয়াৰ মাজত সম্পর্কৰ অৱনতি ঘটিছে৷