নিয়মীয়া বাৰ্তা ১৪ অক্টোবৰঃ এটা বিশেষ ভিডিঅ’য়ে এতিয়া বিশেষ চৰ্চা লাভ কৰিছে ছ’চিয়েল মিডিয়াত। য’ত বাবা ৰামদেৱক এটা হাতীৰ পিঠিত বহি যোগাসন কৰি থকাৰ সময়তে ওলট খাই সৰি পৰাৰ দৃশ্য দেখা গৈছে।
ঘটনা অনুসৰি, সোমবাৰে মথুৰাৰ ৰামনাৰেতি আশ্ৰমত হাতীৰ পিঠিত উঠি যোগাসন কৰিছিল যোগগুৰু ৰামদেৱে। হাতীটোৱে প্ৰথমে স্থিৰ হৈ আছিল যদিও পাছত কিছু অগাপিছা কৰিবলৈ আৰম্ভ কৰে। যাৰ ফলতে পিঠিৰ ওপৰত ব্যায়াম কৰি থকা বাবা ৰামদেৱ হঠাৎ মাটিলৈ সৰি পৰে।
অৱশ্যে সৌভাগ্যক্ৰমে তেওঁ গুৰুতৰভাৱে আহত হোৱাৰ পৰা ৰক্ষা পৰে।
চাওক সেই ভিডিঅ’টো-
And here is Baba Ramdev performing yoga on Elephant in UP.. Visuals says it all… #Ramdev pic.twitter.com/dCqtvWOqTE
— Anubhav Khandelwal (@_anubhavk) October 13, 2020
উল্লেখ্য যে এনেধৰণৰ ঘটনা বাব ৰামদেৱৰ প্ৰথম নহয়, পূৰ্বতেও তেওঁ এখন আশ্ৰমত বৰষুণত চাইকেল থকাৰ সময়তে হঠাৎ চাইকেলৰ পৰা বাগৰি পৰিছিল বাবাক। চাওক সেই চাইকেলৰ পৰা বাগৰি পৰা ভিডিঅ’টোও-
Loved the twist ending. pic.twitter.com/JNggkZVpV4
— Aniruddha Guha (@AniGuha) August 21, 2020