নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ বিভিন্ন কূটাঘাত, সংঘর্ষ তথা আক্রমণৰ ঘটনা সত্ত্বেও পশ্চিমবংগৰ দ্বিতীয় পর্যায়ৰ বিধানসভা নির্বাচনত আজি বিয়লি ৫.৩০ বজালৈ ৮০.৪৩ শতাংশ ভোটদান হৈছে৷ অর্থাৎ পশ্চিমবংগত দ্বিতীয় পর্যায়ত নির্বাচন অনুষ্ঠিত হোৱা ৩০টা সমষ্টিত ব্যাপক হাৰত নাগৰিকসকলে ভোটদান কৰিছে৷
লক্ষণীয়ভাৱে সমগ্র দেশবাসীৰ বাবে নজৰত থকা নন্দীগ্রাম সমষ্টিতো ভোটদানৰ হাৰ অভূতপূর্ব আছিল বুলি সংবাদ মাধ্যমে সদৰী কৰিছে৷ নন্দীগ্রামত মুখ্যমন্ত্রী মমতা বেনার্জীৰ উপৰি বিজেপিৰ পৰা প্রতিদ্বন্দ্বিতা কৰিছে শুভেন্দু অধিকাৰীয়ে৷ ইফালে সমষ্টিটোত চিপিআই(এম), কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ প্রার্থী মিনাক্ষী মুখার্জীয়েও তীব্র প্রত্যাহ্বান আগবঢ়াবলৈ সক্ষম হৈছে বুলি পর্যালোচকসকলে ধাৰণা কৰিছে৷