নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমিত শ্বাহলৈ পশ্চিমবংগৰ আদালতৰ জাননী

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ তৃণমূল কংগ্রেছৰ সাংসদ অভিষেক বেনার্জীয়ে ৰুজু কৰা এক মানহানি গোচৰত পশ্চিমবংগৰ এখন আদালতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহলৈ জাননী জাৰি কৰিছে৷ ডেজিগনেটেড এমপি/এমএলএ আদালতে আগন্তুক ২২ ফেব্রুৱাৰীত অমিত শ্বাহক সোঁশৰীৰে নাইবা অধিবক্তাৰ জৰিয়তে আদালতত হাজিৰ হ’বলৈ  নির্দেশ দিছে৷

বিধাননগৰৰ আদালতখনৰ বিশেষ দণ্ডাধীশে ২২ ফেব্রুৱাৰীৰ দিনা শ্বাহক ১০ বজাত সোঁশৰীৰে নাইবা অধিবক্তাৰ জৰিয়তে হাজিৰ হ’বলৈ নির্দেশ দিয়াৰ লগে লগে বিষয়টোক লৈ সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷ উল্লেখনীয় যে ভাৰতীয় দণ্ডবিধিৰ ৫০০ ধাৰাৰ অধীনত শ্বাহৰ বিৰুদ্ধে মমতা বেনার্জীৰ ভতিজা অভিষেকে ৰুজু কৰিছে মানহানি গোচৰ৷

You might also like