কেতিয়া শেষ হ’ব ক’ৰোনা? জেনেভাৰ পৰা কালি জনালে WHO-এ
নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ বিশ্ব স্তব্ধ কৰি তোলা এটা ভাইৰাছ- ক’ৰোনা। ক্ৰমশঃ প্ৰায়ভাগকে চুই আছে এই ভাইৰাছে। সকলোৰে মাজত প্ৰশ্ন কেতিয়া মুক্ত হ’ব পৰা যাব এই ভাইৰাছে তৈয়াৰ কৰা পৰিৱেশৰ পৰা? কালি বিশ্ব স্বাস্থ্য সংস্থাই দিলে ইয়াৰ উত্তৰ।
শুকুৰবাৰে জেনেভাস্থিত স্বাস্থ্য সংস্থাটোৰ সদৰ দপ্তৰত মুৰব্বী টেড্ৰোছ আধানমে মন্তব্য কৰে এইদৰে- ‘আমি আশা কৰিছো ক’ৰোনা মহামাৰীৰ আতংক আগন্তুক দুবছৰতকৈ কম সময়ৰ ভিতৰত শেষ হ’ব।’
আত্মবিশ্বাসসুলভ ভংগীমাৰে আধানমে পুনৰ কয় যে ১৯১৮ চনৰ স্পেনিছ ফ্লু মহামাৰীতকৈ কম শক্তিমান ক’ৰোনা ভাইৰাছ। বৰ্তমানৰ বিজ্ঞানৰ অগ্ৰগতিলৈ চাই অতি সোনকালে এটা সঠিক ভেকচিন যদিহে পোৱা যায়, তেন্তে সমাধানৰ পথ তেনেই চমু হ’ব।
উল্লেখ্য বিশ্ব গ্ৰাস কৰা এই ভাইৰাছত এতিয়ালৈ আক্ৰান্ত হৈছে ১৮০খন দেশৰ ২.২৬ কোটি লোক আৰু মৃত্যু ঘটিছে ৭.৯৩ লাখ লোকৰ।