নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ প্রদেশৰ গাঁৱত মহিলাৰ জীনছ পৰিধান নিষিদ্ধ

নিয়মীয়া বাৰ্তা, ১২ মার্চঃ উত্তৰ প্রদেশৰ বিভিন্ন জিলাত পঞ্চায়তসমূহে নাৰীৰ বিৰুদ্ধে কঠোৰ নীতি গ্রহণ কৰা বিষয়ক লৈ দেশজুৰি প্রতিক্রিয়া চলি আছে৷ শেহতীয়াকৈ মুজাফফৰনগৰ জিলাৰ পিপালশ্বাহ গাঁৱত খাপ পঞ্চায়তে মহিলা তথা কিশোৰী–যুৱতীৰ জীন্ছ পৰিধানত নিষেধাজ্ঞা আৰোপ কৰিছে৷

পুৰুষে পৰিধান কৰা কামিজো মহিলাই পৰিধান কৰিব নোৱাৰিব বুলি কঠোৰ সিদ্ধান্ত গ্রহণ কৰিছে পঞ্চায়তখনে৷ পঞ্চায়তৰ এই নিষেধাজ্ঞা আৰোপ হোৱাৰ লগে লগে তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে উত্তৰ প্রদেশত৷ পঞ্চায়তখনৰ মতে, জীন্ছ হৈছে পাশ্চাত্য সংস্কৃতিৰ এক অংশ৷

পাশ্চাত্যৰ সংস্কৃতিত লীন যোৱাৰ পৰিৱর্তে মহিলাসকলে দেশীয় সংস্কৃতিক সন্মান জনাই পৰম্পৰাগত ভাৰতীয় পোছাক পৰিধান কৰা উচিত বুলিও যুক্তি দর্শাইছে এই খাপ পঞ্চায়তে৷ ৰাজপুত সম্প্রদায়ৰ নিয়ন্ত্রণত থকা এই পঞ্চায়তৰ তৰফৰ পৰা নিষেধাজ্ঞা উলংঘা কৰিলে শাস্তি প্রদানৰ লগতে সামাজিকভাৱে বর্জন কৰা হ’ব বুলিও হুংকাৰ দিছে৷

You might also like