নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ প্রথম ডিএনএ ভেকচিন দেশীয় জাইক’ভ–ডি

১২ বছৰৰ ঊর্ধ্বৰ জৰুৰীকালীন ব্যৱহাৰ

নিয়মীয়া বাৰ্তা ২ জুলাইঃ ক’ভিড–১৯ তৃতীয় জোৱাৰত শিশুসকলৰ সর্বাধিক ক্ষতিৰ সম্ভাৱনাক লৈ চর্চাৰ মাজতে দেশবাসীলৈ এক আশাৰ খবৰ৷ প্রখ্যাত ফার্মাচিউটিকেল কোম্পানী জাইডাছ কেডিলাই ১২ বছৰ আৰু ইয়াৰ ঊর্ধ্বৰ লোকৰ বাবে ক’ভিড ভেকচিন জৰুৰীকালীন ব্যৱহাৰৰ অনুমতি বিচাৰি ড্রাগ্ছ কণ্ড্র’লাৰ জেনেৰেল অৱ ইণ্ডিয়া চমুকৈ ডি চি জি আইৰ ওচৰত আবেদন জনাইছে৷ জাইডাছ কেডিলাৰ ক’ভিড–১৯ ভেকচিন ‘জাইক’ভ–ডি’ ভেকচিন হৈছে ডি এন এ ক’ভিড ভেকচিন৷ কোম্পানীটোৱে প্রকাশ কৰা মতে ভাৰত বায়’টেকৰ ‘কভাক্সিন’ৰ পাছত ‘জাইক’ভ–ডি’ হৈছে দেশৰ দ্বিতীয়টো থলুৱা ভেকচিন আৰু ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে বিশ্বৰ প্রথম ডি এন এ ভেকচিন৷

ইতিমধ্যে জাইডাছ কেডিলাৰ ভেকচিনটোৰ মানৱ দেহত তৃতীয় পর্যায়ৰ পৰীক্ষণ সম্পূর্ণ হৈছে৷ উল্লেখ্য যে যোৱা ১৮ জুনত নিটি আয়োগৰ (স্বাস্থ্য) সদস্য ডাঃ ভি কে পলে জাইডাছ কেডিলাই মানৱ দেহত তৃতীয় পর্যায়ৰ পৰীক্ষণৰ বাবে ২৮,০০০তকৈ অধিক স্বেচ্ছাসেৱকৰ দেহত ভেকচিনটো প্রয়োগ কৰা বুলি প্রকাশ কৰিছিল৷ পৰৱর্তী সাত–আঠ দিনৰ ভিতৰতে জৰুৰীকালীন ব্যৱহাৰৰ অনুমতি বিচাৰি আবেদন কৰাৰ সম্ভাৱনাকো সদস্যগৰাকীয়ে অৱগত কৰিছিল৷ এই ঘোষণাৰ ১২ দিনৰ পাছত আজি জাইডাছ কেডিলাই ডি চি জি আইৰ ওচৰত অনুমতি বিচাৰি আবেদন জনাইছে৷

জাইডাছ কেডিলাই কেন্দ্রৰ নেচনেল বায়’ফার্মা মিছনৰ অংশৰ ৰূপত বায়’টেকন’লজী ইণ্ডাষ্ট্রী ৰিছার্চ এছিছষ্টেন্স কাউঞ্চিলৰ বায়’টেকন’লজী বিভাগৰ সহযোগত বিশ্বৰ প্রথম ডি এন এ ভেকচিন বিকশিত কৰিছে৷ গুৰুত্বপূর্ণ যে এই ভেকচিনটো তিনিটা ড’জৰ৷ প্রথম ড’জটোৰ পাছত দ্বিতীয় ড’জ ২৮ দিনত আৰু তৃতীয় ড’জ ৫৬ দিনত৷ কোম্পানীটোৱে প্রকাশ কৰা মতে দুটা ড’জৰ ভেকচিনো পৰিকল্পনা কৰি আছে৷ জাইক’ভ–ডি ভেকচিন দীর্ঘদিনীয়া সময়ত ব্যৱহাৰৰ কাৰণে ২ৰ পৰা ৮ ডিগ্রী চেলচিয়াছত সংৰক্ষণ কৰি ৰাখিব পাৰি৷

অৱশ্যে হ্রস্বকালীন সময়ৰ ব্যৱহাৰৰ কাৰণে ২৫ ডিগ্রী চেলচিয়াছতো সংৰক্ষণ কৰিব পাৰি৷ মন কৰিবলগীয়া যে দেশত সম্প্রতি ছিৰাম ইন্ষ্টিটিউট অৱ ইণ্ডিয়াৰ ‘ক’ভিশ্বিল্ড’, ভাৰত বায়’টেকৰ ‘কভাক্সিন’ আৰু ৰাছিয়াৰ ‘স্পুটনিক–ভি’ ভেকচিন প্রদান কৰি থকা হৈছে৷ শেহতীয়াকৈ মর্ডানাৰ ক’ভিড ভেকচিনকো দেশত জৰুৰীকালীন ব্যৱহাৰৰ বাবে কেন্দ্রীয় চৰকাৰে ফার্মাচিউটিকেল কোম্পানী ‘ছিপলা’ক অনুমতি দিছে৷

You might also like