নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৃথিৱীৰ পৰা হেৰাই যাব দুষ্প্রাপ্য মেৰু ভালুক

নেচাৰ ক্লাইমেট চেঞ্জত প্রকাশ শেহতীয়া গৱেষণাৰ প্রতিবেদন

নিয়মীয়া বাৰ্তা ২২ জুলাইঃ মৰু অঞ্চলত বৰফৰ গলন বৃদ্ধি পোৱাৰ ফলত বিশ্বৰ অন্যতম দুষ্প্রাপ্য মেৰু ভালুকৰ অস্তিত্বলৈ সংকট নামি আহিছে৷ প্রধানতঃ পৃথিৱীৰ তাপমাত্রা বৃদ্ধিয়ে জলবায়ু পৰিৱর্তনৰ কাৰণ হৈ গ্রহটোৰ জীৱ আৰু উদ্ভিদ জগতলৈ ভাবুকি কঢ়িয়াই আনিছে৷ জলবায়ু পৰিৱর্তনৰ বাবে মেৰু অঞ্চলৰ সাগৰীয় বৰফ নিম্নগামী হৈ পৰাত মেৰু ভালুকৰ অস্তিত্ব সংকটত পৰিছে৷ ইণ্টাৰনেচনেল ইউনিয়ন ফৰ কনজার্ভেচন অৱ নেচাৰ (আইইউচিএন)ৰ তালিকাত বিলুপ্তিৰ শিতানত থকা মেৰু ভালুকৰ স্থিতি শেহতীয়াভাৱে অতি সংকটজনক অৱস্থাত উপনীত হৈছে৷ সুমেৰু মহাসাগৰত বৰফৰ পৰিমাণ হ্রাস পোৱাৰ বাবে ভালুকৰ জীৱনলৈ শংকা নামি আহিছে৷ নেচাৰ ক্লাইমেট চেঞ্জত প্রকাশিত গৱেষণাৰ প্রতিবেদন মতে, ২১০০ চনৰ ভিতৰত মেৰু ভালুক পৃথিৱীৰ পৰা হেৰাই যাব৷ কানাডাৰ টৰণ্টো বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ ষ্টিফেন মইনাৰে প্রকাশ কৰা মতে, জলবায়ু পৰিৱর্তনৰ বাবে বিলুপ্তি ঘটিব মেৰু ভালুকৰ৷

You might also like