নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এতিয়াৰে পৰা মহানগৰ আৰু চহৰত হেলমেট পিন্ধাটো জৰুৰী নহয়..

নিয়মীয়া বাৰ্তা ৫ ডিচেম্বৰঃ হেলমেট পিন্ধাৰ ক্ষেত্ৰত যান-বাহন আৰক্ষী কঠোৰ হোৱাৰ সময়তে সাল-সলনি হৈছে বহু নিয়ম । অৱশ্যে এইয়া অসমৰ বাবে নহয় , গুজৰাট চৰকাৰেহে এতিয়া সালসলনি কৰিছে বহু নিয়ম । ৰাজ্যখনৰ মহানগৰ আৰু চহৰ অঞ্চলত এতিয়াৰে পৰা দুচকীয়া বাহনৰ চালকে হেলমেট পিন্ধাটো জৰুৰী নহয়। বুধবাৰে গুজৰাট কেবিনেটত এই সিদ্ধান্ত লোৱা হয়। গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীৰ নেতৃত্বত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত এই সম্পৰ্কে বহু সময় ধৰি আলোচনা অনুষ্ঠিত হয়। দৰাচলতে হেলমেট পিন্ধাৰ নতুন নিয়মক লৈ বহু কেইটা অভিযোগ ছছিয়েল মিডিয়াৰ যোগেদি লাভ কৰিছিল। যাৰ পৰিপেক্ষিতত এই সিদ্ধান্ত লোৱা হয়। ইয়াৰ উপৰিও হেলমেট নিপিন্ধাৰ বাবে ১০০০ টকাৰ পৰিৱৰ্তে ৫০০ টকা জৰিমণা বিহা হ’ব।

You might also like